কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত  ১ নং সৰুডিৰাকত এক বিশাল জনজাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদল আয়োজন কৰিছে।

অহা ইংৰাজী ২৯ জানুৱাৰী ২০১৯ তাৰিখ মংগলবাৰে ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰৰপৰা বৰডিৰাক ৰাজহুৱা খেলপথাৰলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু কাকপথাৰ-ডিৰাক অঞ্চলৰসমূহ জাতীয় জনগোষ্ঠীয় দল-সংগঠন, যুৱক সংঘ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিৰাক-কাকপথাৰবাসী ৰাইজৰ  সহযোগত হ’বলগীয়া জনজাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদলটো বাহিৰ কৰিবৰ বাবে উদ্যোক্তাসকলে প্ৰস্তুতি তুংগত কৰি তুলিছে।

পুৱা ১১ বজাৰপৰা আৰম্ভ হ’ব লগা কাৰ্যসূচীত উপস্থিত থাকিব বিশিষ্ঠ গণশিল্পী ৰাজীৱ শদিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সম্পাদক ধৰণী গোহাঁই, মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰতাপ মৰাণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ, তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অমৰ ৰঞ্জন দুৱৰা, এচিয় সাধাৰণ সম্পাদক বিপুল ভৈৰৱ বৰুৱা, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, আপকু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰবীন মৰাণ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল তোলপাৰ লাগি থকা মাজতে অসম অৰুণাচল সীমান্ত এক ভিতৰুৱা অঞ্চলত উক্ত বিধেয়কখনৰ বিৰুদ্ধে এনে কাৰ্যসূচী আয়োজন কৰা বাতৰিয়ে ইয়াকে প্রতিপন্ন কৰে যে অসমক ভাল পোৱা কোনো লোকে এই জাতিধ্বংসী বিধেয়কখন সমৰ্থন নকৰে। উক্ত কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি, সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ উদ্যোক্তাসকলে একান্তই কামনা কৰিছে।