
কাকপথাৰঃ হিন্দু নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰত শুকুৰবাৰে বিশাল জোঁৰ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ হোৱা জোঁৰ সমদল কাৰ্যসূচীটোৱে কাকপথাৰ চহৰ পৰিভ্ৰমণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
আনফালে বৰদিৰাকত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা প্ৰকমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় যুৱ সংঘৰ সহযোগত এক জোঁৰ সমদল কাযসূচী বৰদিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা বৰদিৰাক খাটোৱালৈকে পৰিভ্ৰমণ কৰি ঘূৰি আহি বৰদিৰাক তিনিআলিত এক ঘণ্টাৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে 'হিন্দু নাগৰিকত্ব বিধেয়ক বাতিল কৰক’, 'নৰেন্দ্ৰ মোডী হুছিয়াৰ’, 'সৰ্বানন্দ সোনোৱাল গ’ বেক’, 'প্ৰদান বৰুৱা গ’ বেক’, 'বলীন চেতিয়া গ’ বেক,’ 'অসমীয়া জাগিছে’ আদি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷
জোঁৰ সমদলৰ অন্তত সিদ্ধান্তৰ মৰ্মে কাকপথাৰ অঞ্চলত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়কক ৰাজহুৱা স্থানত প্ৰৱেশত বাধা দিয়া আৰু সোণোৱাল স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিয়াৰ লগতে ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধাৰাবাহিক আন্দোলন কৰাৰ সংকল্প গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বৰদিৰাকত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সদস্য উদীপ্ত বড়াই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট নকৰা লৈকে স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলীন চেতিয়াক প্ৰৱেশত বাধা দিয়া হ’ব আৰু আজি ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰপৰা বিৰত থাকে। অনতিপলমে বিধেয়ক বাতিল নকৰিলে সমগ্ৰ অসমজুৰি ইয়াতকৈ ভয়ংকৰ গণ আন্দোলন গঢ়ি তুলিব জানিবলৈ দিছে৷