
কাকপথাৰঃ অসমৰ অন্যতম ভুমিপুত্ৰ জনগোষ্ঠী মৰাণসকলৰ বাবে এক সুকীয়া এলেকাৰ দাবীত সশস্ত্ৰ সংগঠন জন্ম হোৱা বুলি ওলোৱা বাতৰিক একে মুখে অস্বীকাৰ কৰিছে জনগোষ্ঠীটোৰ সকলো দল-সংগঠনে৷
অসমৰ এটা ইলেক্ট্ৰ'নিক চেনেলে অসমৰ পূব প্ৰান্তত অৱস্থিত জনগোষ্ঠীটোৰ বসতিস্থল তিনিচুকীয়া জিলাকে ধৰি ডিব্ৰুগড় জিলাৰ এটা অংশ মৰাণলেণ্ডৰ বাবে দাবী কৰিছে বুলি উল্লেখ কৰিছিল৷ স্বাধীনতাৰ পাছৰেপৰা অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি প্ৰতিটো দিশতে চৰকাৰে জনগোষ্ঠীটোক আওকাণ কৰি অহাৰ ফলত উগ্ৰপন্থী সংগঠনটো জন্ম দিয়া বুলি বাতৰিটোত উল্লেখ কৰিছিল৷
উগ্ৰপন্থীটোৰ নাম উল্লেখ নকৰা বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছতেই গৰজি উঠে মৰাণ জনগোষ্ঠীৰ সকলো দল-সংগঠন ৷ শনিবাৰে বিয়লি তিনিচুকীয়াস্থিত হোটেল জ্যোতিত আয়োজন কৰা এখন সংবাদমেলত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে কয় যে গণতন্ত্ৰৰ প্ৰতি আস্থা ৰাখি মৰাণ সংগঠনকেইটাই গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে আৰু চলাই যাব ৷
মৰাণসকলৰ গণতান্ত্ৰিক সংগ্ৰামক বিপথে পৰিচালিত কৰিবলৈহে কোনো দুষ্ট চক্ৰই এনে মনেসজা বাতৰি পৰিৱেশন কৰিছে বুলি সমালোচনা কৰে নেতা গৰাকীয়ে ৷ এনে ধৰণৰ বাতৰিয়ে জনগোষ্ঠীটোক অপমান কৰাই নহয়, বাকী জাতি-জনগোষ্ঠীসমূহৰ আগত হেয় প্ৰতিপন্ন কৰিছে বুলি ক্ষোভ ব্যক্ত কৰে ৷ ভৱিষ্যতে মৰাণ জনগোষ্ঠীৰ যিকোনো বাতৰি পৰিৱেশন কৰোতে সংযত হোৱাৰ লগতে বিষবাষ্প বিয়পাব পৰা বিভ্ৰান্তিমূলক বাতৰিৰপৰা দূৰত থাকিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷
সংবাদমেলত মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণে মৰাণ সকলৰ জাতীয় জীৱনৰ লগত হেতালি নেখেলিবলৈ চৰম সকীয়নি প্ৰদান কৰাৰ লগতে চৰকাৰক বিষয়তো তদন্ত কৰিবলৈ দাবী জনায় ৷ ইপিনে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সম্পাদক নৱ মৰাণে বাতৰিটো পৰিৱেশন কৰা আছাম টকছৰ কাৰ্যবাহী সম্পাদক ঋতুশ্মিন শৰ্মা, সাংবাদিক দেৱজিৎ তালুকদাৰ আৰু চেনেলটোৰ স্বতাধিকাৰীৰ ওপৰত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
বিষয়টো তদন্ত কৰি দোষীক শাস্তি বিহাৰ লগতে ভৱিষ্যতে এনে ধৰণৰ বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত আৰক্ষীক চোকা নজৰ ৰাখিবলৈ ছাত্ৰ নেতা দুজনে আহ্বান জনায় ৷ সংবাদ মেলত মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ সভা, মৰাণ মহিলা পৰিষদৰ বিষযববীয়া উপস্থিত থাকে ৷