
কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰত শুকুৰবাৰে বিশাল প্ৰতিবাদী সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে কাকপথাৰ চহৰৰ মাজেৰে ফৰেষ্ট গে’টলৈকে পৰিভ্ৰমণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’ ‘নৰেন্দ্ৰ মোদী হুছিয়াৰ’, ‘সৰ্বানন্দ সোনোৱাল গ’ বেক’, ‘বি জে পি গ’ বেক’, ‘অসম চৰকাৰ হায় হায়’, ‘সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী’ ইত্যাদি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷
সমদলৰ অন্তত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ সিদ্ধান্ত মৰ্মে কাকপথাৰ অঞ্চলত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়কক ৰাজহুৱা স্থানত প্ৰৱেশত বাধা দিয়াৰ লগতে কলা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধাৰাবাহিক আন্দোলন কৰাৰ সংকল্প গ্ৰহণ কৰা হয়৷
কাইলৈ কাকপথাৰৰ চহৰৰ মাজ মজিয়াত মানৱ শৃংখল কাৰ্যসূচী, ১৩ জানুৱাৰীত কাকপথাৰ অঞ্চলৰ চৰকাৰী কাৰ্যালয়সমূহত বাধা দিয়া, ১৭ জানুৱাৰীত জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণৰ সিদ্বান্ত গ্ৰহণ কৰা হয়৷
আজিৰ কাৰ্যসূচীত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে নেতৃবৃন্দ উপস্থিত থাকে আৰু অঞ্চলটোৰ ডেৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে৷