কাকপথাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা ১১ ঘন্টীয়া বন্ধ তিনিচুকীয়া জিলা কাকপথাৰত সৰ্বাত্মকৰূপে পৰা দেখা গৈছে৷

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই, বি জে পিৰ পতাকা জ্বলাই প্ৰতিবাদ কৰে৷

শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, প্ৰদান বৰুৱা, সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত বেনাৰ, বি জে পিৰ পতাকা জ্বলোৱাৰ লগতে প্ৰায় দুশ ফুটৰ ম’বাইল টাৱাৰৰ ওপৰত উঠি ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷

সমগ্ৰ অসম তথা উত্তৰ পূবাৰ্ঞ্চলৰ সমান্তৰালভাৱে কাকপথাৰতো বন্ধত ৰাইজে সহযোগ আগবঢ়ায়।