
কাকপথাৰঃ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ দিনাই সমগ্ৰ অসমতে যুৱ-ছাত্ৰ পৰিষদে ক’লা পতাকা উত্তোলনেৰে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
কাকপথাৰতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিয়ে কাকপথাৰ বজাৰৰ সন্মুখত ক’লা পতাকা উত্তোলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ আঞ্চলিক সমিতিৰ অৰ্ধশতাধিক কৰ্মীয়ে "নৰেন্দ্ৰ মোডী হুছিয়াৰ", "হিন্দু নাগৰিকত্ব বিধেয়ক বাতিল কৰক", "বিজেপি চৰকাৰ গ' বেক", সৰ্বানন্দ গ'বেক" ইত্যাদি শ্ল’গানেৰে কঁপাই তোলে৷
ক’লা পতাকা উত্তোলনেৰে প্ৰতিবাদ কৰি নৰেন্দ্ৰ মোডীক সকিয়াই দিয়ে যে কোনো কাৰণতে জাতি ধ্বংসী বিধেয়ক অসমৰ ৰাইজে গ্ৰহণ নকৰে৷ প্ৰথমে অসমৰ খিলঞ্জিয়াৰ সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনায় চৰকাৰক৷ অসম কেতিয়াও বিদেশীৰ চৰনিয়া পথাৰ হবলৈ দিব নোৱাৰো বুলি প্ৰতিবাদকাৰী উল্লেখ কৰে৷
প্ৰতিবাদত অ জা য ছা প ৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি সোনমণি চলিহা, কৃষক মুক্তি সংগ্ৰাম সমিতি কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা উদিপ্ত বড়া৷