
কলিয়াবৰঃ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত ইজনৰ পিছত সিজন লোকৰ মৃত্যু হোৱাৰ সময়তে বুধবাৰে নগাঁও জিলাৰ কলিয়াবৰৰ দেউৰী চিলাবন্ধাত বন গাহৰিৰ আত্ৰমণত দুজ লোক গুৰুতৰ বাবে আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, খেতি পথাৰত বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰিকেন চন্দ্ৰ নাথ আৰু চন্দন বৰা নামৰ এজন ছাত্ৰ৷ চন্দন বৰাক দশম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকে দুয়োজনকে সংকটজনক অৱস্থাত জখলাবন্ধাৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷
অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা বনৰীয়া গাহৰিয়ে খেতি-পথাৰত উপদ্ৰৱ চলাই আহিছে। বুধবাৰে স্থানীয় লোকে এটি গাহৰিক প্ৰত্যক্ষ কৰি খেদি খেদি হত্যাৰ চেষ্টা চলায়৷ গাহৰিটোক হত্যাৰ চেষ্টা চলোৱাৰ সময়তে ধাননি পথাৰত কাম কৰি থকা অৱস্থাত বনৰীয়া গাহৰিটোৰ আক্ৰমণৰ বলি হয় ট্ৰিকেন চন্দ্ৰ নাথ আৰু চন্দন বৰা। স্থানীয় ৰাইজে বনৰীয়া গাহৰিটোক হত্যা কৰে বুলি জানিব পৰা গৈছে।