কালুগাওঁঃ শলগুৰি মৌজাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসূচীৰে শলগুৰি নাট্যমন্দিৰত অনুষ্ঠিত হয়। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ২৯ এপ্ৰিলৰ পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি গণেশ বৰাই।

স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ দুৱৰাই, গছপুলি ৰোপণ কৰে বনগঞা সত্ৰৰ সত্ৰাধিকাৰ ললিত গোস্বামীয়ে। জীৱেশ্বৰ আৰন্ধৰা সোঁৱৰণী তোৰণ উন্মোচন কৰে সমাজসেৱক বিৰেশ্বৰ গগৈয়ে। ইয়াৰ পিছতেই মিলি-জুলি মহিলা সকলে জেং বিহু প্ৰদৰ্শন কৰে। দুপৰীয়া সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিনন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰেম গগৈয়ে।

যোগেন চেতিয়া সোঁৱৰণীত অনুষ্ঠিত সভাৰ স্মৃতিচাৰণ কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মিনেশ্বৰ গগৈয়ে। ৩০ এপ্ৰিলৰ পুৱা শৈল্য চুতীয়াৰ সোঁৱৰণী সন্থাৰ কাৰ্যালয়ত পৰিয়ালবৰ্গই আগবঢ়োৱা পকীবেৰ উন্মোচন কৰে শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি দেবেন বৰুৱাই। দুপৰীয়া বিনন্দ গগৈৰ সভাপতিত্বত সুনন্দ দত্ত সোঁৱৰণী মঞ্চত অনুষ্ঠিত মুকলি সভাত স্মৃতিচাৰণ কৰে ভদ্ৰেশ্বৰ দত্তই।

দেবেন বৰুৱাই উদ্বোধন কৰা মুকলি সভাত মুখপত্ৰ 'জীৱন অনুপম' উন্মোচন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড. প্ৰকাশ কটকীয়ে। মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা ৰূপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বানেশ্বৰ খাউণ্ড, বিশিষ্ট অতিথি ৰূপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মনোৰঞ্জন শৰ্মা, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শিক্ষা সচিব দিলীপ বুঢ়াগোহাঁই আদি ভালে সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে শলগুৰি গাঁও পঞ্চায়ত এলেকাৰ ৪ গৰাকীকৈ আশীৰ উৰ্দ্ধৰ ব্যক্তিক সম্বর্ধনা জনোৱা হয়।