গুৱাহাটীঃ চেনাই মই যাও দেই বিহুতে আহিম গৈ, তেতিয়া গাই যাম গীত৷ এই গীতটো চাগে আপুনি পাহৰা নাই৷ পাহৰিব কেনেকৈ পঞ্চাশৰ দশকৰ পৰা আজিও অসমীয়া জাতিৰ বাবে আপোন এই গীত৷ তাহানিত ৰেডিঅ’ৰ ককা-আইতাৰ সৈতে চোতালত ঢাৰি পাৰি বহাৰ পৰা এতিয়া হেডফোন লৈ শুনালৈকে জনপ্ৰিয় এই গীতটো৷

সকলোৰে অন্তৰে অন্ৰে এই গীত আজিও সকলোৰে অন্তৰত সজীৱ হৈ আছে৷ কিন্তু এই চিৰ যুগমীয়া গীতটো ৰচনা স্ৰষ্টা কমল হাজিৰাকই অৱশেষত আমাৰ মাজৰ পৰা গুছি গ’ল অচিনা দেশলৈ৷ ৫০ৰ দশকৰ পৰা চেনাই মই যাও দেই চিৰ যুগমীয়া গীতটোৰ পৰা আৰম্ভ কৰি অনেক গীত লিখি অসমীয়া জাতিক মহীয়াণ কৰা কমল হাজৰিকাই বৃহস্পতিবাকৰে ২-৪০ বজাত গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে৷

শিল্পীগৰাকীয়ে পাচটা দশক বিদেশত থাকি অসমীয়া ভাষা, সংস্কৃতি, গীত-মাত পাহৰি নোযোৱাৰ লগতে বহু যুগমীয়া গীত ৰচনা কৰিছিল৷ ১৯২৫ চনত জন্ম গ্ৰহণ কৰা সুধাকন্ঠ ভূপেন হাজৰিকাৰ অন্যতম বন্ধু আছিল তেও৷ 

৫০ দশকৰ পৰাই লণ্ডনত থাকি কেইবছৰ মান পবৰ্বে তেও অসমলৈ গুছ্ আহে। অসমৰ সাংস্কৃতিক এম্বাচেদৰ বুলি জনাজাত কমল হাজৰিকা আয়ুৰচুন্দ্ৰা হস্পিতালত মৃত্যু হোৱাৰখবৰ লাভ কৰাৰ পিছতে গুণমুগ্ধই হস্পিতাল বিৰ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

মৃত্যুৰ সময়ত তেওঁৰ পত্নী প্ৰথম অসমীয়া বৈমানিকা ধীৰা হাজৰিকা আৰু পুত্ৰ কন্যাক ইহসংসাৰত এৰি থৈ যায় । ইতিমধ্যে তেওঁৰ পুত্ৰ লুণা হাজৰিকা লণ্ডনৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰা বুলিও জানিব পৰা গৈছে। শুকুৰবাৰে নৱগ্ৰহ শ্মশানত তেওৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।