
আমগুৰি/গৌৰীসাগৰঃ অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আজি ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকী। হত্যাৰ ২৬টাকৈ বছৰ অতিবাহিত হোৱাৰ পাছতো কোনো শাস্তি নহ'ল হত্যাকাৰীৰ। পৰিয়ালে ভাৰতীয় আইনী ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি সুদীৰ্ঘ সময় অপেক্ষা কৰিলে। পিছে কমলা শইকীয়াৰ পৰিয়ালক
আজি পৰ্যন্ত ন্যায় দিবলৈ সমৰ্থ নহ'ল ভাৰতীয় আইন ব্যৱস্থা।
বিগত সময়ত বহু প্ৰতিবাদ হ'ল কমলা শইকীয়াৰ হত্যাকাৰীৰ শাস্তিৰ প্ৰসংগত। কিন্তু মুকলিভাৱেই ঘূৰি ফুৰিছে তেওঁৰ হত্যাকাৰী। নিৰ্ভীক সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰতি বছৰে ৯ আগষ্টৰ দিনটোত তেওঁৰ ফটোত কেইপাহমান ফুল দিয়াৰ বাহিৰে আন একোৱেই নহ'ল।
শ্বহীদ সাংবাদিক কমলা শইকীয়া শিৱসাগৰ জিলাৰ তেওঁৰ জন্মস্থান দিখৌমুখৰ বাবে এক অমূল্য সম্পদেই নাছিল, যিজন আছিল আধুনিক দিখৌমুখৰ নিৰ্মাতা স্বৰূপ। দিখৌমুখৰ প্ৰতিটো ৰাস্তা-ঘাট, বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানতেই জড়িত হৈ আছে কমলা শইকীয়াৰ স্মৃতি।
প্ৰতি বছৰৰৰ দৰে এইবাৰো দিখৌমুখত এইগৰাকী শ্বহীদ সাংবাদিকক স্মৰণ কৰা হয়। দিখৌমুখ জনজাতি হাইস্কুলত কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্থাৰ সহযোগত আজি এক স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।
দিখৌমুখ গুৱাল গাঁৱত অৱস্থিত ছহীদ সাংবাদিক গৰাকীৰ সমাধিস্থল শান্তিবনত বন্তি প্ৰজ্জ্বলনৰ পিছতে জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত "সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত গুণোৎসৱৰ প্ৰাসংগিকতা" শীৰ্ষক বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ সৌমাৰজ্যোতি মহন্তই।
NNO ডিব্ৰুগড়ঃ শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকীত হত্যাকাণ্ডৰ পুনৰ তদন্তৰ দাবী জনাইছে সাংবাদিক সুৰক্ষা মঞ্চই। ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ ফাইল পুনৰ মুকলি কৰি নিৰপেক্ষ তদন্তৰে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে সাংবাদিক সংগঠনটোৱে।
সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা, সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে এক প্ৰেছ বিবৃতিযোগে আজিলৈকে দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব নোৱাৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে।
শ্বহীদ সাংবাদিকগৰাকীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে অসম আৰক্ষীয়েও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ কৰে সংগঠনটোৱে। একেটা বিবৃতিত অন্যান্য সাংবাদিকসকলৰ হত্যাৰ গোচৰৰ ফাইলো মুকলি কৰি তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ বাবে পৰিৱৰ্তনকামী চৰকাৰক আহ্বান জনায়।