ডিব্ৰুগড়ঃ হত্যাৰ ২৬ বছৰৰ পাছতো শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰিব নোৱৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আৰক্ষী-চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি আৰক্ষীৰ দায়বদ্ধতা আয়োগত এক গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সভাপতি ভূষণজ্যোতি সন্দিকৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ অন্যতম সদস্য তথা সদৌ অসম সাংবাদিক সন্থাৰ অন্যতম উপদেষ্টা ইকবাল আহমেদে কমলা শইকীয়া হত্যাকাণ্ডক প্ৰকৃততে এক ৰাজনৈতিক হত্যাকাণ্ড আছিল বুলি মন্তব্য কৰে। ৰাজনৈতিক কাৰণতে আজিলৈকে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই বুলিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি ৰাজীৱ বৰগোহাঞি, পত্ৰিকা সম্পাদক মনোৰঞ্জন হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নিৰ্বাচিত সভাপতি মনজিৎ বৰা, সমাজকৰ্মী ভাস্কৰ জ্যোতি শইকীয়া আদি উপস্থিত থাকি শ্বহীদ সাংবাদিকগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে সমগ্ৰ বিষয়টোত গাফিলতি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

চৰকাৰ-প্ৰশাসনৰ গাফিলতিৰ বাবেই হত্যাকাৰীয়ে আজিও মুকলি আকাশৰ তলত নিবিঘ্নে থাকিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে বক্তাসকলে। ইতিমধ্যে কেইবাখনো চৰকাৰ বদলি হৈ ২৬ বছৰ অতিক্ৰম হোৱাৰ পাছতো সাংবাদিক কমলা শইকীয়াৰ হত্যাৰ তদন্ত স্থবিৰ হৈ থকাৰ অন্তৰালত গভীৰ ৰহস্য থকা বুলিও আটায়েই মন্তব্য কৰে।

ইফালে উচ্চ ন্যায়ালয়ে অহা চাৰি সপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা কায্যক আদৰণি জনাইছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে। ভাৰপ্ৰাপ্ত সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা স্মৃতিচাৰণ সভাত উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক সুৰজ দত্তই।