
কমলপুৰঃ নিজে সতি-সন্ততিৰ মুখ নেদেখি আনৰ সন্তানক নিজৰ কৰি ল’বলৈ চেষ্টা কৰি এজন লোকে অপহৰণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰা ঘটনাই কামৰূপ জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত বাতৰি মতে, যোৱা এবছৰ ধৰি বিদ্যালয়লৈ অহাৰ পথত নিৰুদ্দেশ হোৱা কণমানি পুত্ৰক বিচাৰি চৌদিশ চলাথ কৰি আহিছিল জিলাখনৰ কমলপুৰ থানাৰ অন্তৰ্গত বৰংগাবাৰী নিবাসী মজনুৰ আলীয়ে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
বিগত বৰ্ষৰ ২১ অক্টোবৰত বিদ্যালয়লৈ অহাৰ সময়তে নিৰুদ্দেশ হৈছিল পুঠিমাৰী আঞ্চলিক দীনি তালিম মাদ্ৰাছাৰ ছাত্ৰ মিনাজুল হক৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কমলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে ১৫৭/১৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত কৰিছিল যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয়৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
অৱশেষত যোৱা দেওবাৰে কামৰূপ-দৰং জিলাৰ সীমাৰ ডুমুনিচকী নামৰ ঠাইখনৰ পৰা উদ্ধাৰ হয় কিশোৰটি৷ কোনো অচিনাক্ত লোকে এখন মাৰুতি গাড়ীৰে ডুমুনিচকীত নমাই থৈ যোৱা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে জনোৱা মতে, এগৰাকী আত্মীয়ই ডুমুনিচকীত ১২ বৰ্ষীয় মিনাজুলক প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে৷ খবৰটো পোৱা মাত্ৰকে নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি যোৱা এবছৰ ধৰি হামৰাও কাঢ়ি ফুৰা পিতৃ মজনুৰ উক্ত স্থানত উপস্থিত হৈ মিনাজুলক উদ্ধাৰ কৰে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
এবছৰৰ অন্তত পুত্ৰক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা মজনুৰে সোমবাৰে কমলপুৰ আৰক্ষী থানাত উপস্থিত হয় ঘটনাৰ সবিশেষ বিৱৰি কয়৷ লগতে পুত্ৰক সোধ-পোছ কৰি জানিব পৰা তথ্যৰ ভিত্তিত মজনুৰে আজ্ঞাঠুৰীৰ নুৰ হুছেইন নামৰ লোক এজনে কণমানি মিজানুলক এবছৰ ধৰি নিজৰ ঘৰতে আৱদ্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
জানিব পৰা মতে, গুৱাহাটীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ নিলগৰ আজ্ঞাঠুৰিৰ নুৰ হুছেইন নামৰ এজন লোকে বিগত বৰ্ষৰ উল্লিখিত দিনটোত এখন মাৰুতি গাড়ীৰে মিনাজুলক মুখত কাপোৰ বান্ধি অপহৰণ কৰি নিজ ঘৰলৈ লৈ যায়৷ নিজ ঘৰত ৰাখি মিনাজুলৰ মনৰ পৰা প্ৰকৃত পিতৃ-মাতৃৰ কথা পাহৰাবলৈ যত্ন কৰিছিল যদিও ব্যৰ্থ হয়৷ দিনে দিনে পিতৃ-মাতৃৰ কথা বেছিকৈ মনত পৰাত মিনাজুলে কান্দিবলৈ ধৰে৷ ফলত মিনাজুলক নিজৰ সন্তান কৰি লোৱাৰ আশা বাদ দি কোনোৱে যাতে একো ভূ নাপায় তাৰ বাবে পুনৰ মুখত কাপোৰ বান্ধি এখন চাৰিচকীয়া বাহনত উঠাই ডুমনিচকীত এৰি থৈ আহে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
আজ্ঞাঠুৰিৰ পৰা গৈ কিয় ডুমুনিচকীত ছাত্ৰজনক এৰি থৈ আহিল সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ একেদৰে নিজৰ সন্তান নাথাকিল বুলিয়েই আনৰ পুত্ৰক অপহৰণ কৰি নি এবছৰেই গৃহ বন্দী কৰি ৰখাৰ অন্তৰালত কি কাৰণ আছে তাক লৈয়ো ৰহস্যই দেখা দিছে৷ এনেধৰণৰ অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই বাতৰি যুগুতোৱা পৰলৈকে সবিশেষ জানিব পৰা হোৱা নাই৷