
অভয়াপুৰীঃ কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আক্ৰাছু (প্ৰ)ৱে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া কমতাপুৰ বন্ধৰ প্ৰভাৱ উত্তৰ শালমাৰা মহকুমাত সৰ্বাত্মক ৰূপে পৰা পৰিলক্ষিত হয়।
বন্ধৰ সময় ছোৱাত ৰাতিপুৱাৰ ভাগত উত্তৰ শালমাৰা মহকুমাটোত যান-বাহনৰ লগতে দোকান-পোহাৰসমূহ সম্পূৰ্ণ ৰূপে বন্ধ থাকে। এই বন্ধৰ ফলত উত্তৰ শালমাৰা মহুকুমাৰ সদৰ চহৰ অভয়াপুৰীত ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে যান-বাহনৰ চলাচলো সম্পূৰ্ণ ৰূপে বন্ধ থাকে।
বন্ধৰ সময়ছোৱাত আজি ৰাতিপুৱা অভয়াপুৰী চহৰৰ ৰাজপথত আক্ৰাছু কৰ্মী সকলে টায়াৰ জ্বলাই পথ অৱৰোধ কৰে। ন'এছ টি, ন' ৰেষ্ট ‘কমতাপুৰ আমাক লাগিবই’ আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। এতিয়া লৈকে বন্ধৰ সময়ছোৱা কোনো বিক্ষিপ্ত ঘটনাৰ খবৰ অহা নাই।