কামপুৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘন্টা৷ দীপাৱলী অহাল লগে লগে ৰাজ্যৰ বিভিন্ন ঠাইৰ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰে৷ পৰম্পৰাগত ভাবে মৃৎ শিল্পীয়ে এই কৰ্মৰ জড়িয়তে পেটৰ ভাত মোকলাই। দীপাৱলীত মাটিৰ চাকি বিক্ৰী কৰি দুপইচা উপাৰ্জনৰ বাবে এতিয়া তেওঁলোকে হাজাৰ হাজাৰ মাটিৰ চাকি সাজু কৰিছে।

চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। অভিযোগ মতে, চীনা সামগ্ৰীৰ বাবেই এতিয়া বিক্ৰী হ্ৰাস হৈছে থলুৱা মৃৎ শিল্পৰ। নগাঁও জিলাৰ কামপুৰ কুমাৰপট্টিৰ মৃৎ শিল্পীসকলৰ একেই অভিযোগ৷ কুমাৰপট্টিত বসবাস কৰা প্ৰায় সংখ্যক পৰিয়ালেই জীৱিকা নিৰ্বাহ কৰে মৃৎ শিল্পৰ জড়িয়তে।

প্ৰতি বছৰে দীপাৱলীৰ সময়ত কামপুৰৰ কুমাৰপট্টিৰ লোকসকলে ৪-৫ লাখ মাটিৰ চাকি নিৰ্মাণ কৰে৷ অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানিও হয়। কিন্তু বজাৰত চীনা সামগ্ৰীৰে ভৰি পৰাত মাটিৰ চাকিৰ বিক্ৰী হ্ৰাস পাইছে বুলি কয় তেওলোকে। যাৰ বাবে কুমাৰসকলৰ পৰিয়াললৈ নামি আহিছে ভাবুকি। আজিকোপতি কোনো এখন চৰকাৰে এই সকল শিল্পীক আগবঢ়োৱা নাই কোনো চৰকাৰি সুবিধা। বজাৰত ভৰি পৰা চীনা সামগ্ৰী সমূহ বন্ধ কৰি মৃৎ শিল্পী সকলক চৰকাৰী সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে মৃৎ শিল্পী সকলে।