11
Oct
2017

বাহাকাবাৰীঃ তিনিদিন পুৰ্বে মৃতদেহ উদ্ধাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ মৃতদেহ উদ্ধাৰ হ’ল কামপুৰত৷ কামপুৰৰ পূৱ গুইমাৰী ৰেল লাইনৰ সমীপৰ পিটনিত বুধবাৰে পুনৰ এটি পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কামপুৰ আৰক্ষীয়ে মৃতদেহতো নগাঁও জিলাৰ শলগুৰিৰ সৰু ৰাধাআটিৰ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰে৷ মৃতদেহটোৰ সৈতে ৰেলৰ টিকট, আধাৰ কাৰ্ড আৰু নগদ পাঁচশ বিশ টকা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। তিনিদিন পুৰ্বে অঞ্চলটোত আন এটা মৃতদেহ উদ্ধাৰ হৈছিল। কোনো দুৰ্বৃত্তই হত্যা কৰি লোকজনক পিটনিত পেলাই থৈ যোৱাৰ সন্দেহ কৰে ৰাইজে৷