কামপুৰঃ নগাঁও জিলাৰ কামপুৰ বিদ্যুত বিভাগৰ গাফিলতিৰ ফলত মৰণফান্দৰ সৃষ্টি হৈছে অঞ্চলটোত৷ বিদ্যুত বিভাগে বিদ্যুৎ পৰিবাহী তাঁৰ ওলমাই ৰখাৰ ফলত বিপদসংকুল হৈ পৰিছে যাতায়ত।

কামপুৰ পলসা গাঁৱৰ বিভিন্ন স্থানত বিদ্যুত বিভাগে বিপদজনকভাৱে বাঁহৰ খুটা আৰু গছত আঁৰি থৈছে বিদ্যুতৰ তাঁৰ, যাৰ ফলত যিকোনো মূহুৰ্তত ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

এই ক্ষেত্রত কোনো গুৰুত্ব দিয়া নাই বিদ্যুত বিভাগে। গাওঁবাসীৰ দাবী শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে  বিদ্যুত বিভাগক৷