08
Jul
2017

কামপুৰঃ কামপুৰ এফ আৰ ইউ চিকিৎসালয়ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়৷ শনিবাৰে সন্ধিয়া সৃষ্টি হয় এই উত্তেজনাৰ। চিকিৎসক ইন্দ্ৰ মোহন বৰাৰ বিৰুদ্ধে গাফিলতি কৰা আৰু ভুল চিকিৎসাৰ কৰা অভিযোগ উত্থাপন কৰে এটি ৰোগীৰ পৰিয়ালে৷
কামপুৰ মাজৰআটি গাঁৱৰ ৰঞ্জিত শইকীয়াৰ জ্বৰ আৰু কাহ হোৱাৰ বাবে শনিবাৰে পুৱা কামপুৰ চিকিৎসালয়লৈ লৈ আহে পৰিয়ালৰ লোকে। দুপৰীয়া ভাগত পৰিয়ালৰ লোকে ৰঞ্জিত শইকীয়াক ঘৰলৈ লৈ যায়৷ ঘৰ পোৱাৰ কিছু সময় পাছতে লোকজন পুনৰাই অসুস্থ হৈ পৰাত পুনৰাই চিকিৎসালয়লৈ লৈ আহে পৰিয়ালে৷
চিকিৎসালয়লৈ অনাৰ পাছতে লোকজনৰ মৃত্যু হয়৷ লোকজনৰ মৃত্যুৰ পাছতে চিকিৎসক ইন্দ্ৰ মোহন নাথে চিকিৎসা প্ৰদানত গাফিলতি তথা ভুল চিকিৎসা কৰাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।