19
Oct
2017

বাহাকাবাৰীঃ কামপুৰৰ গুইমাৰীত চিপলৈ পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুইমাৰী বিলৰ সমীপত পথৰ দাতিৰ এডাল গছত চিপলৈ উদ্ধাৰ হোৱা লোকজন কামপুৰৰ দাবলু গাঁৱৰ ইনুছ আলি ওৰফে কালিয়াদিঙা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই পথৰে আহ-যাহ কৰা লোকে মৃতদেহটো ওলমি থকা প্ৰত্যক্ষ কৰে৷ লোকজনে আত্মহত্যা কৰিছেনে হত্যা কৰা হৈছে এতিয়ালৈ স্পষ্ট হোৱা নাই৷ অঞ্চলটোত এটা মাহৰ ভিতৰতে তিনিটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।