কামপুৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগত এতিয়া অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়ত এতিয়া চিকিৎসক নাৰ্ছৰ অভাৱত ৰোগীয়ে হাহাকাৰ কৰিব লগা হয়৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ চিকিৎসা ব্যৱস্থা অৰাজক পৰিস্থিতিৰ মাজেৰে অতিবাহিত হৈছে৷ কিন্তু ৰাজ্যৰ শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়কে নিৰ্বাচনত শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে৷

চুবুৰীয়া ৰাজ্যত চৰকাৰ গঠনৰ অংকত ব্যস্ত থকা বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে অসমৰ স্বাস্থ্য বিভাগ কোনফালে গতি কৰিছে সেই কথাৰ খবৰ লবলৈ আহৰি নাই৷ খোদ অসমৰ স্বাস্থ্য মন্ত্ৰী ব্যস্ত ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয়ত জোৰা তাপলি মাৰি চৰকাৰ গঠন কৰাত৷ ৰাজ্যৰ জনসাধৰণৰ কি কৈছে সেই খবৰ লবলৈ পাহৰি পেলাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

ৰাজ্যৰ বহু ঠাইত নিশাটো দূৰৰ কথা দিনতেই চিকিৎসক বিচাৰি নাপায় ৰাইজে৷ সময় মতে চিকিৎসালয়লৈ নাহে চিকিৎসক-নাৰ্ছ৷ এতিয়া ৰাজ্যৰ জনসাধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্বাস্থ্য মন্ত্ৰীৰ খতিয়ান কোনে লব৷ গ্ৰাম্য অঞ্চলৰ শিক্ষকক ঠাট্টা মস্কৰা কৰি কেমেৰাৰ সন্মুখত খতিয়ান লোৱা স্বাস্থ্যমন্ত্ৰীৰ খতিয়ান কোনে লব৷ ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত বহুৱাই ঠাট্টা-মস্কৰা কৰি খতিয়ান লোৱাৰ দৰে স্বাস্থ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ খতিয়ান লব ৰাইজে৷

ৰাইজৰ কাঠগড়াত উঠিব লাগিব চৰকাৰ৷ চিকিৎসা সেৱাৰ উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা দলকেইটাই এতিয়া পাভলুটি মাৰিছে৷ কিয়নো আজিও ৰাইজে ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে৷ বৰ বৰ কথা কৈ চমক সৃষ্টি কৰা মন্ত্ৰীসকলৰ বিভাগত এতিয়া চৰম অৰাজকতাই দেখা দিছে৷ ৰাজ্য তথা সমষ্টিৰ উন্নয়নৰ পৰিবৰ্তে কেৱল ৰাজনীতি কৰি ক্ষমতা দখল কৰি ৰখাৰ কুচকাৱাজ চলাই গৈছে মন্ত্ৰী-বিধায়কসকলে৷

নিৰ্বাচনৰ পূৰ্বে এটা আৰু নিৰ্বাচনৰ পিছত পাভলুটি মাৰি অসমৰ ৰাইজৰ জনমতক উপেক্ষা কৰি কাম কৰি যোৱা চৰকাৰ খনে ৰাইজৰ প্ৰধান সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ চৰকাৰ গঠন কৰিয়েই নানান চমক সৃষ্টি কৰিলে যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ৰাইজে আজিও হাহাকাৰ কৰিব লগা হয়৷

বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকে সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ আজিও ৰাজ্যৰ বহু চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ নাই৷ চিকিৎসালয় আছে যদিও চিকিৎসক নাই ৰাজ্যৰ বহু চিকিৎসালয়ত৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা সততে কৈ ফুৰা চৰকাৰ খনৰ স্বাস্থ্য বিভাগটোত ঘটিছে কি? এই কথা নাজানে খোদ স্বাস্থ্য মন্ত্ৰীয়ে৷ গাঁৱৰ ৰোগীয়ে কেনেদৰে চিকিৎসালয়লৈ আহিব লগা হৈছে সেই কথা খবৰ লবলৈ আহৰি নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

ৰাজনীতিত ব্যস্ত মন্ত্ৰীৰ বিভাগত এম্বুলেঞ্চৰ অভাৱত এতিয়া মানুহে ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে, আশাকৰ্মীয়ে প্ৰসূতিক প্ৰসৱ কৰাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি, অগপ, বিপিএফ মিত্ৰজোটৰ চৰকাৰেখনে সভা-সমিতিয়ে উন্নয়নৰ ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃততে উন্নয়ন হৈছেনে?

এই প্ৰশ্নৰ উত্তৰ ওলাই পৰিব ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ৰূপ প্ৰত্যক্ষ কৰিলে৷ নগাঁও জিলাৰ কচুৱা মডেল হাস্পতালত চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হয়৷ দেওবাৰে নিশা আশাকৰ্মীয়ে প্ৰসূতিক প্ৰসৱ কৰাব লগা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷ চিকিৎসক-নাৰ্ছ নথকাৰ বাবে প্ৰসৱ কৰোৱাব লগা হয় আশাকৰ্মীয়ে৷ ইমানে নহয় চিকিৎসালয় খনত প্ৰসূতিক প্ৰসৱ কৰোৱাৰ নামত চিকিৎসক নাৰ্ছক দিব লাগে ১০০০-৫০০ টকা৷

প্ৰায়ে চিকিৎসক-নাৰ্ছসকলে চিকিৎসালয়ত সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হয়৷ সোমবাৰেও পুৱাৰে পৰা ৰোগীৰে ভৰি পৰিছিল নগাঁও জিলাৰ কচুৱা মডেল হাস্পতালত৷ ৰোগীয়ে বোন্দা পৰ দি ৰৈ থাকিব লগা হয় যদিও চিকিৎসক সময় মতে উপস্থিত নোহোৱাত উত্তেজনাৰ সৃষ্টি কৰে একাংশ স্থানীয় ৰাইজে৷ সোমবাৰৰ পুৱাই চিকিৎসালয়খনত চিকিৎসক পলমকৈ উপস্থিত হোৱাত উত্তেজনাৰ সৃষ্টি হয়।

জানিব পৰা মতে, নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ ৰাইজৰ ভৰষা একমাত্ৰ চিকিৎসালয় কচুৱা মডেল হাস্পতাল৷ ৰাজ্য চৰকাৰে অঞ্চলটোৰ ৰাইজৰ চিকিৎসা ক্ষেত্ৰত সহায়ৰ বাবে চিকিৎসালয় খন স্থাপন কৰিছিল৷ কিন্তু চিকিৎসালয় খনত পৰ্যাপ্ত সা-সৰঞ্জাম প্ৰদান নকৰাৰ লগতে, পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ আজিলৈ নিয়োগ নকৰিলে৷ আনহাতে, বিভিন্ন সময়ত চৰকাৰে নিয়োগ কৰা চিকিৎসক আৰু নাৰ্ছ কেইগৰাকীয়ে সময় মতে চিকিৎসালয়লৈ নহাৰ অভিযোগ উত্থাপন হয়৷

কোনো দিন ১১-১২ বজাতো চিকিৎসক, নাৰ্ছে চিকিৎসালয়ত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ পুৱাই ৰোগী উপস্থিত হৈ বোন্দা পৰ দি ৰৈ থাকিব লগা হয়৷ বিভিন্ন সময়ত ৰোগীয়ে বিপদত পৰে চিকিৎসক, নাৰ্ছৰ বাবে৷ সোমবাৰেও পুৱাই বহু ৰোগী উপস্থিত হৈছিল চিকিৎসালয় খনত৷ চিকিৎসালয় উপস্থিত হোৱা নাছিল
চিকিৎসক। চিকিৎসক-নাৰ্চৰ অভাৱত এগৰাকী আশাকৰ্মীয়ে প্ৰসৱ কৰে এগৰাকী প্ৰসূতীক।

চিকিৎসক নথকাৰ বাবে বিষপান কৰা এগাৰকী কিশোৰে মৃত্যু সৈতে যুঁজ দিয়াৰ পিছতো চিকিৎসালয় নাছিল চিকিৎসক। চিকিৎসালয় খনৰ অধীক্ষক পি কে বৰাক ঘেৰাও কৰে উত্তেজিত লোকে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ণৰ কথাৰে দম্ভালি মাৰি থকাৰ সময়তে নগাঁৱৰ কচুৱা মডেল চিকিৎসালয়ত সংঘটিত হৈছে এনে লাজ্জাজনক পৰিৱেশৰ।

চিকিৎসালয় খনত চিকিৎসক নথকাৰ বাবে এজন বিষপান কৰা ৰোগীৰ লগতে কেইবাজনো ৰোগীয়ে চিকিৎসালয়ৰ বিছনাত চটফটাই থাকিব লগা হোৱাৰ দৃশ্যই স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপটো ওলাই পৰে৷ উত্তেজিত লোক সকলে চিকিৎসালয় খনৰ অধ্যক্ষ প্ৰদীপ কুমাৰ বৰা আৰু আন চিকিৎসকসকলক ঘেৰাও কৰে।

উল্লেখ্য যে, দুয়োজন চিকিৎসক ১০.৩০ বজাৰ পাছতহে চিকিৎসালয়ত উপস্থিত হৈছিল। ইফালে নিশা আন এক অবাঞ্চিত পৰিৱেশৰ সৃষ্টি হয় চিকিৎসালয়খনত। চিকিৎসালয়ত প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী প্ৰসূতিৰ চিকিৎসক নাৰ্ছ নথকাত আশা কৰ্মীয়েই প্ৰসৱ কৰাই। এখন চৰকাৰী চিকিৎসালয়ৰ এনে লাজ লগা ঘটনাই সকলোৱে নাক কোচাবলৈ বাধ্য কৰিছে।