কামপুৰঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি. অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া দলীয় বিসম্বাদ তথা হিন্দু-মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷

তাৰ মাজতে কপিলী নৈয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ কপিলীৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷ নগাঁও জিলাৰ কামপুৰত কপিলীয়ে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত কপিলী নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। পথ খহাই নিয়াৰ লগতে ঘৰ-দুৱাৰ উটুৱাই নিয়া পৰিলক্ষিত হৈছে৷

পুনৰ কপিলী নৈত বহু গাঁও জাহ যোৱাৰ উপক্ৰম হৈছে। ইমানৰ পিছতো স্থানীয় বিধায়ক তথা প্ৰশসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ জলসম্পদ বিভাগ একপ্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত আছে। শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে গাঁৱৰ মাজেৰে কপিলী নৈ বৈ যোৱাটো নিশ্চিত হৈ পৰিছে।

⇒আকৌ আহিল বাৰিষা

⇒বাৰিষা সমাগত৷ বাৰিষা অহাৰ লগে লেগ অসমৰ নৈপাৰত বাস কৰা লোকসকলৰ বাবে বাৰিষা হৈ পৰিব অভিশাপ স্বৰূপ৷ নৈ পৰীয়া ৰাইজৰ বাবে বাৰিষা কাল যেন অভিশাপ৷ কিয়নো বাৰিষাৰ বৰষুণে ফেনে-ফুটুকাৰে উফন্দি পৰে নদ-নদী, খাল-বিল, জান-জুৰি৷ নৈয়ে ভৰ ল’ব নোৱাৰা পানীৰ চাপত আৰম্ভ হয় গৰা খহনীয়া৷ 

গৰা খহনীয়াৰ প্ৰবাল ৰূপে নৈপৰীয়া ৰাইজৰ জীৱন-সংগ্ৰামক ধুলাস্যাৎ কৰে৷ মুহূৰ্ততে উটুৱাই নিয়ে সপোনৰ ঘৰখন৷ নৈয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰি উটুৱাই নিয়ে খেতি পথাৰৰ সপোনবোৰ৷ এফালৰ পৰা খহাই লৈ যায় নৈৰ পৰীয়া ৰাইজৰ আশাৰ ৰেঙণিক৷ নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায় কষ্টোপাৰ্জিত স্থাৱৰ-অস্থাৱৰ সম্পদসমূহ৷ 

⇒নেপৰীয়া লোকৰ চিন্তা

⇒ৰাজ্যখনৰ নৈপৰীয়া লোকসকল আকৌ চিন্তিত হৈ পৰিছে বাৰিষাৰ আগমণত৷ কিয়নো ভগ্ন মথাউৰিসমূহ মেৰামতি নহ'ল আজিকোপতি৷ অসাৰ হ’ল জলসম্পদ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি৷ চৰকাৰক আৱেদন নিবেদন কৰি ভাগৰি পৰিছে অসমৰ গাঁওসমূহৰ ৰাইজ। নৈৰ অভিশাপৰ পৰা মুক্তি পাবৰ বাবে এতিয়া ৰাইজে আৰাধনা কৰিবলৈ লৈছে অদৃশ্য শক্তিক৷ 

নৈপৰীয়া ৰাইজৰ উচুপনি কোনেও নুশুনে। মন্ত্ৰী বিধায়ক আহে আৰু যায়৷ ৰাইজৰ স্মৃতিত হৈ ৰয় সমস্যা পূৰণৰ আশ্বাসবোৰ। পৰিৱৰ্তন আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰিৱৰ্তনৰ নামত ওলাই পৰিছে আন এক ফোপোলা স্বৰূপ। 

⇒কামপুৰত বিধায়কৰ কি কাম

⇒নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰ গুইমাৰী অঞ্চলত কপিলী নৈৰ খহনীয়াই বিগত ১৫ বছৰে অঞ্চলটোৰ ৰাইজৰ বাবে সন্ত্ৰাস সদৃশ হৈ পৰিছে৷ 
ইমানৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ বাবে নিজৰ ভেটি-মাটি, ঘৰ-বাৰী ৰক্ষাৰ বাবে এগৰাকী মহিলাই নৈৰ পাৰত থকা এজোপা তুলসী গছৰ তলত বন্তী জ্বলাই নদী মাতৃক সন্তুষ্ট কৰিবৰ বাবেই নিতৌ প্ৰাৰ্থনা কৰি আহিছে৷ 

আনহাতে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে বিগত বাৰিষাৰ সময়ত খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত শিলৰ বান্ধ নিৰ্মান কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানৰ লৈকে কাৰ্যকৰী নোহোৱাত আতংকত দিন কটাইছে নৈ পৰীয়া ৰাইজে। 

ইফালে কপিলী নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপে নিদ্ৰা হৰণ কৰিছে অঞ্চলটোৰ ৰাইজৰ৷ বিগত বানত বহু লোকে নিজৰ ভেটি-মাটি, হেৰুৱাব লগা হৈছে৷ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোত আগন্তুক বাৰিষাৰ বানে পুনৰ কৃষকৰ মূৰত টাঙোন যে মাৰিব সেইটো নিশ্চিত হৈ পৰিছে৷ যাৰ বাবে গুইমাৰী অঞ্চলৰ ৰাইজে খহনীয়া প্ৰতিৰোধৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰক আগন্তক পঞ্চায়ত নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে৷