
কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ কঠিয়াতলী ব্ল'ক যুৱ কংগ্ৰেছ সমিতিয়ে শনিবাৰে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু গৌৰৱ স্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত প্ৰতিষ্ঠানক চোৱা-চিতাৰ দায়িত্ব দিব খোজা হঠকাৰী সিদ্ধান্তক ধিক্কাৰ দি নগাঁও জিলাৰ কচুৱা তিনিআলিত কঠিয়াতলী ব্ল'ক যুৱ কংগ্ৰেছে প্ৰতিবাদী সাব্যস্ত কৰে।
কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে সমদল উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গ’বেক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ ধ্বনিৰে সমগ্ৰ কচুৱা অঞ্চল কঁপাই তোলে। কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে কার্যসূচীত অংশ গ্ৰহণ কৰে।
সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ কাজিৰঙাকে প্ৰমুখ্য কৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল, ৰংঘৰ, কাৰেংঘৰ আদিক চোৱাচিতাৰ বাবে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ ওলোৱা এনে সিদ্ধান্ত অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতি চৰম অপমান বুলি অভিহীত কৰে দলটোৱে৷