newlebanon.info
newlebanon.info

কামপুৰঃ শিক্ষক এতিয়া শিক্ষকৰে শত্ৰু৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পঢ়াব এৰি শিক্ষক এতিয়া ব্যস্ত নিজৰ মাজতে কাজিয়া কৰাত৷ এগৰাকী প্ৰধান শিক্ষক আৰু সহ শিক্ষকৰ কাজিয়াৰ বাবে শৈক্ষিক পৰিবেশ বিন্ষ্ট হৈ পৰিছে বিদ্যালয় খনৰ৷ নগাঁও জিলাৰ কামপুৰৰ দক্ষিণ কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল লস্কৰৰ বিৰুদ্ধে সহ শিক্ষকে মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে।

 দুগৰাকী শিক্ষয়িত্ৰীক ৯ দিন ধৰি পাঠদান কৰিবলৈ দিয়া নাই বুলিও প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে অবিযোগ উত্থাপন কৰে সহ শিক্ষকসকল। শিক্ষক পৰিচলনা সমিতি আৰু ছাত্ৰ ছাত্ৰীৰ অভিযোগৰ অন্তত শুকুৰবাৰে প্ৰধান শিক্ষক লস্কৰৰ বিৰুদ্ধ তদন্ত কৰে নগাওঁ জিলাৰ স্কুল পৰিদৰ্শকে।

নগাঁও জিলাৰ কামপুৰৰ দক্ষিণ কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল লস্কৰৰ কৰ্ম কাণ্ডত অতিষ্ঠ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সহ শিক্ষকসকল। লঘু অপৰাধতে বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অকথ্য গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হয় প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। নগাঁও জিলাৰ স্কুল পৰিৰ্দশকক একাংশ শিক্ষকে লিখিত অভিযোগ দিয়াত পৰিৰ্দশক গৰাকীয়ে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে।