04
Nov
2017

বাহাকাবাৰীঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কামপুৰ দক্ষিণ পাট ভকত গাঁৱত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ৷ ৰাস মহোৎসৱক লৈ ভক্ত প্ৰাণ ৰাইজৰ মাজত আনন্দ উলাহেৰে শ্ৰী কৃষ্ণৰ ৰাস ভংগীৰে অতীতক সোঁৱৰাই বৃন্দাবনত পৰিনত হৈছে ৰাজ্য৷
কামপুৰৰ দক্ষিণপাট ভকত গাঁৱত বাৰোৱাৰী নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দক্ষিণ কামপুৰ আঞ্চলিক শাখাৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ভকত গাঁও বাৰোৱাৰী নামঘৰত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ।
বাৰগঞাঁ দক্ষিণ কামপুৰ আঞ্চলিক যুৱক সকলে শনিবাৰে ‘কেলি গোপাল ৰাস ভাওনা’ আৰু ৫ নৱেম্বৰত দক্ষিণ কামপুৰ আই মাতৃ সমাজে অংকীয়া ভাওনা "সত্যধ্বজ ধৰ্ম পৰীক্ষা" পৰিবেশন কৰিব বুলি আহ্বায়ক সমিতিয়ে জানিবলৈ দিয়ে।