
NNO বিশেষ প্ৰতিবেদনঃ মাটি দহ লোছা। অৰ্থাৎ ১৪৪০ বৰ্গফুট। তাত ৩০০০ বৰ্গফুটৰ এটা পকী ঘৰ। ৮০০ বৰ্গফুটৰ এখন বাৰান্দা। ২০০ জোপা তামোলৰ সৈতে এখন তামোলবাৰী। নাৰিকল গছ ২০জোপা। ৫ জোপা ঔ টেঙাৰ গছ। লগতে আছে সুকীয়া কলগছৰ বাগান। প্ৰায় ১৫০ জোপা বাঁহৰ সৈতে এখন বাঁহনিও আছে সেই মাটিখিনিতেই। আনকি আছে সৰুকৈ এটা পুখুৰী।
CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ
শুনিবলৈ আচৰিত যেন লাগিলেও এই সকলোবোৰ সম্ভৱ হৈ উঠিছে কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰত। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰত এই অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰি তুলিছে ৰাজহ চক্ৰটোৰ একাংশ মণ্ডল আৰু চক্ৰ বিষয়াই।
শিৱসাগৰ জিলাৰ শেহতীয়া জিৰাট কেলেংকাৰীয়ে ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে কামৰূপ জিলাতো জিৰাটৰ নামত সংঘটিত শিৱসাগৰ সদৃশ বিয়াগোম কেলেংকাৰীৰ তথ্য শেহতীয়াভাৱে আহি পৰিছে newsnextone.comৰ হাতত। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ সময়ত উক্ত ভূমিত থকা ঘৰ-দুৱাৰ, গছ-গছনি, পুখুৰী আদি অস্থাৱৰ সম্পত্তিৰ চৰকাৰী হাৰত মূল্য আদায় দিয়াৰ প্ৰক্ৰিয়া চমুকৈ জিৰাটৰ নামত জিলাখনত সংঘটিত হৈছে এনে নাভূত-নাশ্ৰুত ঘটনা।
CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ
আমাৰ হাতত পৰা তথ্য মতে, কামৰূপ জিলাৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পূব বড়িগোগ মৌজাৰ গড়কা গাৱৰ খেৰাজ ম্যাদী পট্টা নং ২১৪ আৰু দাগ নং ৩৮ৰ জনকৈ আহমেদ উপাধিৰ লোকজনৰ মালিকানাধীন ভূমি চৰকাৰে অধিগ্ৰহণ কৰাৰ বিনিময়ত মাটিৰ মূল্য বাদেই উক্ত ভূমিত থকা অস্থাৱৰ সম্পত্তিবোৰৰ বিনিময়ত আদায় দিছে ৮,২৩,১৯২ টকা। (তালিকা-১)
লোকজনৰ পৰা চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ পৰিমাণ হৈছে ১২৯৬ বৰ্গফুট। কিন্তু ইয়াত ঘৰে আৱৰি আছে ২৭১২ বৰ্গফুট মাটিকালি। একেদৰে উক্ত মৌজাটোৰ অন্তৰ্গত জনৈক ঠাকুৰীয়া উপাধিৰ এজন লোকেও এনে অনিয়মৰ সহায় লৈ ১০ লাখৰো অধিক ধন আদায় কৰা দেখা গৈছে৷ লোকজনৰ অধিগৃহীত পট্টা খেৰাজ ম্যাদী ২১১ আৰু দাগ নং ৩৩ৰ অংশৰ মাটিৰ পৰিমাণ হৈছে ১২৯৬ বৰ্গফুট৷ পিছে ঘৰে ২২০০ বৰ্গফুট মাটিকালি আৱৰি থকা দেখুওৱা হৈছে৷ ১২৯৬ বৰ্গফুট মাটিকালিত দুগুণ ডাঙৰ ঘৰ নিৰ্মাণ কৰি ঠাকুৰীয়াই লাভ কৰিছে ১০,৬৯,২১০টকা।
CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ
আনহাতে শৰ্মা উপাধিৰ লোকজনৰ ৯৯ আৰু ১০০ দাগৰ অংশ পট্টা নং নিঃখেৰাজ ৭০ৰ অধিগৃহীত মাটিৰ পৰিমাণ হৈছে ২৫৯২ বৰ্গফুট৷ সেই মাটিত মণ্ডলে দেখুৱাইছে ২৪৮০ বৰ্গফুট মাটিকালি আৱৰি থকা কেইবাটাও ঘৰ৷ এইখিনিলৈ সকলো ঠিকেই আছিল যদিও বাকী থকা ১০০ বৰ্গফুট মাটিত দেখুওৱা হৈছে এখন কলৰ বাগান, তামোলৰ বাৰী, কেবাজোপা নাৰিকলৰ লগতে ভালেকেবাজোপা প্ৰকাণ্ড আহত আৰু ভীমচূড়া গছ৷ (তালিকা-২) শৰ্মাই লাভ কৰিছে ১৩,৪৯,০০০ টকা।
দেখিবলৈ বা শুনিবলৈ পৰম আশ্চৰ্যকৰ যেন লাগিলেও ৰাজহ চক্ৰটোত এনেদৰেই অজস্ৰ লোকৰ নামত আদায় দিয়া হৈছে লাখ লাখ টকা। প্ৰাপ্ত অভিযোগ মতে, ৰঙিয়া ৰাজহ চক্ৰৰ সেই সময়ত কৰ্মৰত চক্ৰ বিষয়া জনৈক সাউদৰ নেতৃত্বতে সংঘটিত হৈছে এই বিয়াগোম কেলেংকাৰী। লগতে এই সমগ্ৰ কাণ্ডত হাত উজান দিছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ অতি প্ৰভাৱশালী মণ্ডল ভূপেন লহকৰকে আদি কৰি আন একাংশ ধনলোভী মণ্ডলে।
CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ
আমাৰ হাতত পৰা তথ্য অনুযায়ী সম্প্ৰতি গুৱাহাটীত নিৰ্বাচনী বিষয়াৰ দায়িত্বত কৰ্মৰত হৈ আছে সেই সময়ত ৰঙিয়াত কৰ্মৰত সাউদ উপাধিৰ চক্ৰ বিষয়াজন। তেওঁৰ সম্পৰ্কটো আমাৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য। এই সকলো তথ্যই ফাদিল কৰা হ’ব পৰৱৰ্তী প্ৰতিবেদনত।
ইফালে জিৰাট কেলেংকাৰীৰ নায়ক হিচাপে পৰিচিত হোৱা ভূপেন মণ্ডলকে আদি কৰি দাস, বসুমতাৰী আদি উপাধিৰ মণ্ডলকেইজনেও একেই দুৰ্নীতিত নিমজ্জিত হৈ থকাৰ জাপ জাপ তথ্য আমাৰ হাতত আহি পৰিছে। প্ৰাপ্ত তথ্য অনুযায়ী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অধিগৃহীত ভূমিৰ বহু গৰাকীয়ে এতিয়ালৈকে অধিগৃহীত ভূমিৰ মূল্যই আদায় কৰিব নোৱাৰাৰ বিপৰীতে একাংশই আকৌ এই অসাধু মণ্ডল-চক্ৰ বিষয়াৰ কৃপাতেই কেৱল জিৰাটৰ নামতেই লাভ কৰিবলৈ সমৰ্থ হৈছে লাখ লাখ টকা।
CLICK ►ফ'ৰলেন আশ্চৰ্য, মাত্ৰ ২হাত মাটিত ২০০ জোপা কলগছ
য’ৰ পৰা এক বৃহৎ অংশ লাভ কৰি নোদোকা হৈ পিছে এইসকল চৰকাৰী মণ্ডল তথা চক্ৰ বিষয়া৷ চক্ৰ বিষয়া আৰু মণ্ডলে মিলিত হৈ সংঘটিত কৰা এই দুস্কাৰ্যত অতি আশ্চৰ্যজনকভাৱে ছীল-মোহৰৰ সৈতে এজন অতিৰিক্ত উপায়ুক্ত আৰু গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা এগৰাকীয়েও স্বাক্ষৰ কৰি তথ্য অন্তৰ্ভূক্তিকৰণ প্ৰক্ৰিয়াত অনুমোদন জনোৱা দেখা গৈছে। তথ্যৰ প্ৰতিটো পাতে পাতে স্বাক্ষৰ কৰা অতিৰিক্ত উপায়ুক্তগৰাকীৰ লগতে গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তাকেইগৰাকীৰ চকুত অনিয়ম ধৰা নপৰিল নে ইচ্ছাকৃতভাৱে উক্ত ক্ৰুটিপূৰ্ণ নথিতেই অনুমোদন জনালে সেয়া তদন্ততহে পোহৰলৈ আহিব।
স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ মছনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এই বিয়াগোম কেলেংকাৰীৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিবনে? নে ৰাইজৰ প্ৰতিবাদেও তলাব নোৱৰা, শিৱসাগৰ জিলাৰ জিৰাট কেলেংকাৰীৰ দৰেই একে দুৰ্বল স্থিতিকে গ্ৰহণ কৰিব শেহতীয়াকৈ newsnextone.com-এ পোহৰলৈ অনা কামৰূপ জিলাৰ জিৰাট কেলেংকাৰীৰ ক্ষেত্ৰতো৷ আগন্তুক সময়তহে হয়তো প্ৰমাণ হ’ব ৰাজ্য চৰকাৰৰ স্বচ্ছতাৰ শ্লোগানৰ প্ৰকৃত ছবি৷