
লংকাঃ হোজাই সমষ্টিৰ অন্তৰ্গত লংকা চহৰৰ কাষৰীয়া কেবাটাও নৈপৰীয়া অঞ্চল সম্প্ৰতি গৰাখহনীয়াৰ কবলত।
লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাষৰীয়া কপিলীপাৰ, ফৰমাৰপাৰ, ঠাইচুবালি আদি অঞ্চলৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ ভয়াবহ ৰূপে ক্ৰমাত অশনি সংকেত কঢ়িয়াই আনিছে অঞ্চল তথা কাষৰীয়া গাঁও সমূহলৈ।
কিয়নো ব্যাপক গৰাখহনীয়াৰ কবলত অঞ্চলসমূহৰ প্ৰায় সংখ্যক ভূমি। ক্ৰমাত কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত সমীপৱৰ্তী গাঁওবোৰ খহনীয়াৰ কবলত পৰি নোহোৱা হৈ পৰিছে।
বছৰ বছৰ ধৰি ভয়াবহ ৰূপ লোৱা কপিলী নৈৰ এনে গৰাখহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি।
ইতিমধ্যে খহনীয়াৰ কবলত পৰি বহু লোকে নিজৰ মাটি-ভেটি হেৰুৱাই অন্য স্থানলৈ ঢাপলি মেলাও পৰিলক্ষিত হৈছে।
নৈৰ কাষৰীয়া মঠ-মন্দিৰ ইতিমধ্যেই কপিলীৰ বুকুত জাহ গৈছে। কপিলী নৈৰ দাঁতিকাষৰীয়া ৰাইজে প্ৰাণৰ ভয়ত নিশা উজাগৰে কটাব লগীয়া হৈছে।
ভূক্তভোগী অঞ্চলৰ ৰাইজে খহনীয়া ৰোধৰ বাবে সমষ্টিটেৰ বিধায়ক গৰাকীক বাৰম্বাৰ অৱগত কৰি আহিছে।
কিন্তু এই ক্ষেত্ৰত ইতিবাচক সহাৰি পাবলৈ ৰাইজ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিগত বছৰ বছৰ ধৰি যি পৰিমাণে কপিলী নৈৰ খহনীয়া অব্যাহত আছে তেনেকৈ থাকিলে তথা চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো অসমৰ মানচিত্ৰৰ বুকুৰ পৰা কপিলী পাৰ, ফৰমাৰপাৰ, ঠাইচুবালিৰ লগতে নৈপৰীয়া আন আন গাঁওসমূহ চিৰদিনৰ বাবে নিঃশেষ হৈ পৰিব।
নৈপৰীয়া অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু জলসম্পদ মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা কৰাৰ লগতে অনাগত দিনত অঞ্চলটোলৈ আহি থকা ভয়াৱহ বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।