শুক্লাইঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)ৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সৌজন্যত আৰু ১নং সোনাজুলি প্ৰাথমিক সমিতিৰ সহযোগত শনিবাৰৰ পৰা অনুষ্ঠিত হৈ আহিছে আদিবাসী জনগোষ্ঠীৰ কৰম উৎসৱ। কৰম উৎসৱৰ ৰং-ৰইচেৰে দেওবাৰেও আকাশ বতাহ মুখৰিত হৈ পৰিছে বৃহত্তৰ সোনাজুলি অঞ্চল।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকসকল উৎফুলিত হৈ পৰিছে কৰম উৎসৱত। কৰম উৎসৱ উপলক্ষে সমিতিয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত মাৰাথন দৌৰ প্ৰতিযোগিতা, ধনু কাড় প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা, আদিবাসী গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ কাৰ্যসূচীৰ অংশ হিচাপে বৃক্ষ ৰোপন, শ্বহীদ বেদী উদ্ধোধন, সাংস্কৃতিক শোভাযাত্ৰা, আৰু আবেলি মুকলি সভা আয়োজন কৰা হয়৷

অনুষ্ঠানত ৰাজ্যসভা সাংসদ বিশ্বজিৎ দৈমাৰী ,আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ,এম চি এল এ সুৰেশ তাঁতী,বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োই বিশেষ ভাবে উপস্থিত থকাৰ লগতে কেইবা হাজাৰ লোক উপস্থিত থাকে। উক্ত কাৰ্য্যসূচী  নিশা সাংকৃতিক সন্ধিয়াৰ অনুষ্ঠানেৰে সফল সামৰি পৰিব।