
বোকাজানঃ ৰাজ্যৰ আন আন প্ৰান্তৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰি পায় যদিও এখন জনগোষ্ঠীয় জিলাৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰিৰ পৰা বঞ্চিত হয়৷ জিলা খনৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰিৰ বাবে যোগ্য হৈয়ো চাকৰিত নিযুক্তি নোপোৱাত মুৰে কপালে হাত দিব লগা হৈছে৷
ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিক্ষিত যুৱকক বৈষম্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে৷ শ শ টেট উত্তীৰ্ণ শিক্ষকে মন্ত্ৰী, বিধায়ক, কাৰ্যবাহীৰ পদুলিয়ে পদুলিয়ে ঘুৰি একপ্ৰকাৰ ভাগৰি পৰিছে৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানা পাৰাত টেট শিক্ষকক নিযুক্তি পত্ৰ বিতৰণৰ বাবে সভা অনুষ্ঠিত কৰি বৰ বৰ কথাৰে ভাষণ আগবঢ়ায় চমক সৃষ্টিৰ প্ৰয়াস চলাই৷
শিক্ষা মন্ত্ৰীৰ এই চমকৰ পাছতে ক্ষোভিত হৈ পৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ টেট শিক্ষক-শিক্ষয়ত্ৰীসকল৷ পাহাৰীয়া জিলা খনৰ টেট শিক্ষক-শিক্ষয়ত্ৰীসকলৰ চাকৰি নিয়মীয়া নকৰাত ক্ষোভিত হৈ পৰিছে শ শ টেট শিক্ষক৷ ক্ষোভিত শিক্ষকসকলে আজি পুৱা ৭ বজাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংক ডিফু নগৰৰ ৰংখেলাংস্থিত নিজা বাসভৱনত সাক্ষাৎ কৰি শীঘ্ৰে চাকৰি নিয়মীয়া কৰাৰ দাবী জনায় আলোচনাত বহে৷
কাৰ্বি আংলং টেট শিক্ষক সন্থাৰ সভাপতি উমাকান্ত টেৰণ, সাধাৰণ সম্পাদক জিতু কলিতা আৰু সহঃ সম্পাদক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি ১০ জনীয়া প্ৰতিনিধিৰ দলে কাৰ্বি আংলং জিলাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় ১২০০ টেট শিক্ষক-শিক্ষয়ত্ৰীৰ চাকৰি নিয়মীয় কৰাৰ দাবী জনায়৷ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাংক স্মাৰক পত্ৰ প্ৰদান কৰি তেওলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে৷
পৰিষদৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে চলিত বৰ্ষৰ ভিতৰতে সকলো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট শিক্ষক-শিক্ষয়ত্ৰীসকলৰ চাকৰি পৰ্যায়ক্ৰমে নিয়মীয়াকৰণ কৰা হ’ব টেট শিক্ষক সন্থাৰ প্ৰতিনিধি দলটোক প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইতিমধ্যে অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা অনুমোদন লাভ কৰা বুলিও প্ৰতিনিধিৰ দলটোক অৱগত কৰে৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তত্বাৱধানত শীঘ্ৰে কাৰ্বি আংলংত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলিও সন্থাৰ টেট শিক্ষক সন্থাৰ লোকসকলক অৱগত কৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে টেট শিক্ষক সন্থাৰ সহঃ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই জানিবলৈ দিয়ে৷
অসমৰ প্ৰায় সকলো জিলাতে ইতিমধ্যে পৰ্যায়ক্ৰমে টেট শিক্ষক-শিক্ষয়ত্ৰীসকলৰ নিয়মীয়াকৰণ কৰা হৈছে যদিও কাৰ্বি আংলংত তাৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা যায়৷ কাৰ্বি আংলংৰ টেট শিক্ষক-শিক্ষয়ত্ৰীসকলৰ নিয়মীয়াকৰণক লৈ কাৰ্বি আংলং টেট শিক্ষক সন্থাই ইতিমধ্যে কাৰ্বি আংলংৰ বিধায়ক চুম ৰংহাং, জয়ৰাম ইংলেং আৰু নোমল ম'মিনকে ধৰি অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আনকি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো নিয়মীয়াকৰণকলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও আজি পৰ্য্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷