newsnextone.com | বোকাজানঃ দেশৰ জনগণে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ অচ্ছে দিনৰ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালত পেট্ৰলৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাত সাধাৰণ লোকে মূৰে কপালে হাত দিব লগা হৈছে৷ বিগত চাৰি বছৰত বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ দিনত পেট্ৰল-ডিজেলৰ মূল্য সৰ্বাধিক হৈছে। সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰি এক নতুন ইতিহাস সৃষ্টি কৰি মাধমাৰ শোধাইছে ৰাইজক৷ খেতিয়ক, সাধাৰণ উদ্যোগ চলোৱা লোক, সাধাৰণ ব্যৱসায়ীয়ে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত একপ্ৰকাৰ কোঙা হৈ পৰিছে৷

যাৰ ফলত অচ্ছে দিনৰ পৰিৱৰ্তে মূল্য বৃদ্ধিৰ দিন হে আহিছে দেশলৈ৷ ফলত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে দেশবাসীয়ে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বুধবাৰে আছুৱে সমগ্ৰ ৰাজ্যজুৰি পট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি ভূমিৰ ৰাজপথত জ্বললি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশৰ জনতাক প্ৰচণ্ড মাধমাৰ শোধাই ধাৰাবাহিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাত দেশৰ সাধাৰণ জনগণে হাহাকাৰ কৰিব লগা হয়৷

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানৰ চিচিআই গেটত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে। বোকাজান আঞ্চলিক ছাত্র সন্থাৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰ মুর্দাবাদ, পেট্ৰলিয়াম মন্ত্ৰী হায় হায়, পেট্ৰল ডিজেলৰ দাম শীঘ্ৰে হ্ৰাস কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অৰ্ণৱ জ্যোতি কাকতি, যুটীয়া সাধাৰণ সম্পাদক ভৱ জ্যোতি বৰা উপস্থিত থকাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ অনন্যা বিষয়-ববীয়া সকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবী জনায়৷