প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলং

কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ বালিপথাৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাটোত ২ জন ব্যক্তি থিতাতে নিহত হয় আৰু ৩ জন গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী মতে, বোকাজান ৰে’লৱে ষ্টেছনৰ সহকাৰী অধীক্ষক জ্ঞান প্ৰসাদে নিজ পত্নী আৰু দুই পুত্ৰসহ দিনৰ প্ৰায় ১১ বজাত বোকাজান নগৰৰপৰা এখন অট'ত দেওপানী মন্দিৰৰ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰপৰা অহা এখন মহেন্দ্ৰ বলেৰ' পিক আপ গাড়ীয়ে অট'খনত সম্মুখৰপৰা প্ৰছন্দ জোৰে খুন্দা মাৰে।
যাৰ ফলত অট'খনত থকা মহিলাসহ ৫ জন আৰোহীৰ ভিতৰত ২ জন থিতাতে নিহত হয়। নিহত দুজনৰ নাম অট’খনৰ চালক বিজয় চৌধুৰী আৰু যাত্ৰী জ্ঞান প্ৰশাদ। নিহত জ্ঞান প্ৰসাদৰ পত্নী সৰুজ প্ৰসাদসহ দুই পুত্ৰ ক্ৰমে অমন প্ৰসাদ আৰু চুহিল প্ৰসাদ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আৰু আটাইকে ১০৮ ৰ জৰিয়তে বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনা সংঘটিত কৰা বলেৰ পিক আপখনৰ নম্বৰ এএছ-০৯-এচি-২০৯৯ আৰু অট'খনৰ নম্বৰ হ'ল এএছ-০৯-এচি-৬৭৭১। উল্লেখ্য যে, বলেৰ' পিক আপ গাড়ীখনে অট’খনত খুন্দা মৰাৰ পাছত গাড়ীখনৰ চালক ধন ছেত্ৰীয়ে চেগ বুজি পথাৰৰ মাজেৰে পলাই গৈছিল যদিও স্থানীয় ৰাইজে খেদি খেদি চালকজনক কৰায়ক্ত কৰি আৰক্ষীৰ চমজাই দিয়ে আৰু সেই সময়ত চালক ধন ছেত্ৰী সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল৷
সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হবলৈ পালে যাৰফলত দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ দেওপানী মন্দিৰ দৰ্শন কৰিবলৈ যোৱা পৰিয়ালটোৱে এনেদৰে দুৰ্ঘটনাত পতিত হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷