
ডিফুঃ নিজ জনগোষ্ঠীৰ হকে জংগী প্ৰতিবাদ কৰিবলৈ আহি শ্বহীদ হোৱা যুৱক ৰাহুল চিংনাৰক স্মৰণ কৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৰাইজে৷
দুই পাহাৰীয়া জিলাক সামৰি পৃথক ৰাজ্যৰ দাবীক লৈ আন্দোলনত জঁপিয়াই পৰি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত পুলিচৰ গুলী বুকু পাতি লৈ শ্বহীদ হোৱা ৰাহুল চিংনাৰৰ স্মৃতিত জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছৰ উদ্যোগত আজি সমগ্ৰ কাৰ্বি আংলং জিলাত শ্বহীদ দিৱস পালন কৰা হয়৷
সন্ধিয়া ৰাহুল চিংনাৰৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে মম বাতি প্ৰজ্বলন কৰে ৰাইজে৷ আজি দিনৰ ভাগত ডিফুস্থিত কাৰ্বি লামেট আমেইৰ মুখ্য কাৰ্যালয়ত শ্বহীদ চিংনাৰৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷
উক্ত কাৰ্যসূচীত জাকাছৰ অধ্যক্ষ খৰচিং তেৰাং আহ্বায়ক ষ্টেলিন ইংতি আৰু অনান্য সদস্য সকল আৱেগিক হৈ পৰে৷ আনহাতে আজি সন্ধিয়া ডিফু ছেমচন ছিং ইংতি মেমৰিয়েল পাৰ্কত জাকাছ, কে এছ এ, কে এফ এ, কে এছ ৱাই চি, আইকনা, এ আই কে এছ ইউ, কে এইছ আৰ ডব্লিউ, কে এ আই ৱাই আৰু কে ইউ ৱাই এ আদি দল সংগঠনে মম বাতি প্ৰজ্বলন কৰি সকলো দল-সংগঠনে সমবেত স্বৰত " ন' অট'নমাছ ষ্টেট, ন' ৰেষ্ট শ্ল’গান দি পৃথক ৰাজ্যৰ দাবীৰ সংকল্প লয়৷