
খেৰণিঃ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ৷ কহুৱা আৰু শেৱালীৰ শুভ্ৰ দলিচাৰ ওপৰেৰে ধৰালৈ নামিছে শৰৎ৷ লগতে শৰতৰ উচাহত প্ৰাণ ঢালি ঘটিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ আগমন৷ সমগ্ৰ ৰাজ্যজুৰি চলিছে মা দুৰ্গাক আদৰাৰ আয়োজন৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ততো এতিয়া পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গোৎসৱৰ ব্যপৰ প্ৰস্তুতি৷ তাৰ মাজতে চলিছে মাণ্চলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰো ব্যপক প্ৰস্তুতি৷
সমগ্ৰ কাৰ্বি আংলঙৰ আন আন মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমাজৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত থকা মুঠ ৬ টাকৈ মণ্ডলত কাৰ্বি সাংস্কৃতিক সমাজে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ গৰকা কাৰ্বি সাংস্কৃতিক সমাজে তেওঁলোকলৰ উদ্যোগত ২৫ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামত অনুষ্ঠিত কৰাৰ মানসেৰে পূৰ্ণ প্ৰস্তুতি চলাইছে৷
অহা ২৬ৰ পৰা ৩০ চেপ্টেম্বৰৰ লৈকে ৫ দিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া ৰূপালী বৰ্ষৰ অনুষ্ঠানটোৰ বাবে প্ৰায় এমাহ দিন ধৰি অনুষ্ঠানখনৰ মুল মঞ্চ, মুখ্য প্ৰৱেশদ্বাৰ, চাংঘৰ, টঙী ঘৰ আদি সাজি উলিওৱাৰ যুদ্ধকালীন প্ৰস্তুতি চলিছে৷
উল্লেখ্য যে, ইতিহাস অনুসৰি বহিঃদেশৰ পৰা প্ৰৱৰ্জন হৈ অহা বৰ্তমানৰ মানচিত্ৰৰ কাৰ্বি পাহাৰত বসবাস কৰি থকা এমুঠিমান কাৰ্বি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, কলা-সংস্কৃতিৰ নৃত্য গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে জনগোষ্ঠীটোৰ নিজৰ পৰিচয় প্ৰদান কৰি বিশ্ব ইতিহাসত জিলিকাই ৰখা তথা নিজৰ চকীয় স্বাভিমান ৰক্ষাৰ বাবে চেংবং-লাংচিবু আক্লামত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে৷