ডিফুঃ ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তনৰ ধুমুহাৰ সৈতে সংগতি ৰাখি কাৰ্বি পাহাৰত উন্নয়ণৰ ঢল বোৱাই নতুন দিগন্তৰ সূচনা কৰা হ'ব৷ সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ শিলনীৰ বনভোজ থলীত কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

সোমবাৰে পুৱাই ১৯নং ডিফু বিধানসভা সমষ্টিৰ বিধায়ক চুম ৰমহাঙ, কাৰ্বি স্বায়ত্ত পৰিষদৰ অধ্যক্ষ হৰেণ চিং বে’, উপাধ্যক্ষ ৰিতেশ ইংহি, প্ৰধান সচিব মহাদানন্দ হাজৰিকা, সচিব নিৰলা ফাংচ’পি, ইএম অমৰ চিং তিচ’, ৰতন টেৰণ, জগত চিং ইংতি, মাধূৰ্য ঢেকিয়াল ফুকন, এমএচি মঙল চিঙ তিমুঙ, আৰু ৰাম চিং ইংতিৰ  উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেইবা খনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি কাৰ্বি পাহাৰত পৰিৱৰ্তন আৰম্ভ হৈ গৈছে বুলি কয়৷

ভাৰতীয় জনতা পাৰ্টীৰ পৰিৱৰ্তৰ ধুমুহাৰ লগত সংগতি ৰাখি কাৰ্বি পাহাৰত ক্ষীপ্ৰ গতিত উন্নয়ণৰ ঢল বোৱাই দুমাহৰ ভিতৰত সম্পূৰ্ণ সকলো আঁচনি ৰূপায়ণ কৰিব বুলি কয়৷ ২০ নং সিংহাসন পৰিষদীয় সমষ্টিৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা লংকাই বে' গাঁৱলৈ পথ, বৰজানত মুকলি মঞ্চ, বুনিৰাম তাৰ' গাঁৱৰ পৰা ধনচিং ইংলেঙ পিএইছলৈ প্ৰথম আৰু দ্বিতীয় পৰ্যায়লৈ ২০১৬- ১৭ আৰু ২০১৭- ১৮ বৰ্ষলৈ ৫লাখ টকাকৈ ব্যয় সাপেক্ষে পেভাৰ্ড ৰোড, ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ৰংহাঙ বস্তিৰ পৰা মিলিক বস্তিলৈ পথ, শিলভেটাৰ লংচেকাংথুত কেফেটেৰিয়া বিল্ডিঙ, মুকলি মঞ্চ, ৱাটছ টাৱাৰ, ব্লক প্লেভমেণ্ট, পে' এণ্ড ইউজ টয়লেট গৃহ, ৰিজাৰ্ভয়ৰ সহ ৰেপিড ছেণ্ড ফিল্টাৰ, কটেজ, শিলভেটা পিকনিক স্পটৰ পৰা পিএইছ ই ৰিজাৰ্ভয়ৰলৈ ব্লক পেভমেণ্ট নিৰ্মান আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷

ইয়াৰ পিছতে কাৰ্বি স্বায়ত্ত পৰিষদৰ চিইএম, ইএম, এমএচি,পৰিষদৰ কৰ্ম কৰ্তা আৰু বনবিভাগৰ ষ্টাফ সহ শিলনিৰ বনভোজ থলীত একেলগে আহাৰ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সহ আন আনসকলে৷