কাৰ্বি আংলংঃ এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনসভা, আনফালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল তথা প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ৫ খন আঞ্চলিক সমিতি ক্ৰমে বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, ডিফু আঞ্চলিক ছাত্ৰ-সন্থা, বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থা, হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়নেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বোকাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই ৰূপায়ন কৰা প্ৰতিকৃতি দাহ কাৰ্যসূচীত আছুৰ সদস্য সকলে বিজেপি গ'বেক, নৰেন্দ্ৰ মোডী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আছু জিন্দাবাদ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ 

কাৰ্যসূচীত উপস্থিত জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰা আৰু সহকাৰী সাধাৰণ সম্পাদক অৰ্ণৱ জ্যোতি কাকতিয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বিৰোধিতাৰে অসম সৰ্বস্তৰৰ ৰাইজ ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও বিজেপি দল তথা চৰকাৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ আবেগ অনুভূতিক কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ 

কুটিল ৰাজনীতিৰে কেৱল নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত উক্ত বিধেয়কখন আইনত পৰিণত কৰিব বিচৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে চৰম সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতা দুগৰাকীয়ে৷ উল্লেখ্য যে, অৰ্দ্ধশতাধিক আছু সদস্যই অংশগ্ৰহণ কৰা আজিৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই উপস্থিত থাকি যিকোনো পৰিস্থিতিৰ বিনিময়ত যাতে চৰকাৰে বিধেয়কখন আইনত পৰিণত কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যবাসীক সক্ৰিয় আৰু কঠোৰভাৱে নিৰীক্ষণৰ বাবে আহ্বান জনায়, লগতে শুকুৰবাৰে মোডীৰ ৰাজভৱন যাত্ৰাৰ সময়ছোৱাত আছু কৰ্মীক শ্বহীদ ন্যাসৰ ভিতৰত আৱদ্ধ কৰি গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিব বিচৰা কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে ছাত্ৰ নেতাগৰাকীয়ে।