newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত নগৰ সমূহত বলিব ধৰিছে নিৰ্বাচন গৰম বতাহ৷ কাৰ্বি আংলং জিলাৰ নগৰ সমিতি সমূহৰ নিৰ্বাচন অনুষ্ঠিত হ’ব শীঘ্ৰে৷ ড়যাৰ ফলত প্ৰতিটো দলেই আৰম্ভ কৰিছে কুচকাৱাজ৷ ফলত নিৰ্বাচন কেন্দ্ৰীক পৰিৱেশে বিৰাজ কৰিছে নগৰ সমূহত৷ জিলাখনৰ অন্যান্য নগৰ সমিতিৰ সমূহৰ লগতে বোকাজান নগৰ সমিতিটো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সোমবাৰে দিনৰ প্ৰায় ১২ বজাত বোকাজান নগৰ সমিতিৰ কাৰ্যালয়ত বোকাজান নগৰ সমিতিৰ নিৰ্বাচনী বিষয়া খৰছিং টেৰাং আৰু সহকাৰী বিষয়া মন'হৰ টেৰাঙে এখন সংবাদমেল অনুষ্ঠিত কৰি ভোট গ্ৰহণৰ বাবে সাজু বুলি কয়৷

সংবাদ মেলত বিষয়া দুগৰাকীয়ে কয় যে বোকাজান নগৰ সমিতিৰ নিৰ্বাচনত ৭টা ৱাৰ্ডত মুঠ ১৪টা ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ লগতে মুঠ ভোটাৰ ১৩,১৬০ গৰাকী ভোটাৰ থকা বুলি কয়৷ ১নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ২০৩০ গৰাকী, ২নং ৱাৰ্ডত ২টা ভোট কেন্দ্ৰত ১৩৭৪গৰাকী, ৩নং ৱাৰ্ডত ৩টা ভোট গ্ৰহণ কেন্দ্ৰত ২১৩০ গৰাকী, ৪নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ১৪৫৬ গৰাকী, ৫নং ৱাৰ্ডত ১টা ভোট গ্ৰহণ কেন্দ্ৰত ১০৮০ গৰাকী, ৬নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ২৭১৫ গৰাকী আৰু ৭নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ২৩৭৫ গৰাকী ভোটাৰ থকা বুলি সংবাদ মেলত উল্লেখ কৰে৷ 

বোকাজান নগৰ সমিতিৰ আগন্তুক নিৰ্বাচন নিকা, সুস্থ আৰু শান্তিপূৰ্ণ ভাবে সম্পন্ন কৰি তুলিবলৈ সাংবাদিকসকলৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰে সহায়-সহযোগিতা ৰিটাৰ্ণিং বিষয়া খৰছিং টেৰাং আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়া মন'হৰ টেৰাঙে কামনা কৰিছে৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাত অনুষ্ঠিত হবলগীয়া নগৰ সমিতি সমূহৰ নিৰ্বাচনত জিলাখনৰ মুঠ ৯খন নগৰ সমিতিৰ ভিতৰত বৈঠালাংছ' আৰু লাংহিন নগৰ সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলিও বিষয়া দুগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে৷

পাহাৰীয়া জিলাখনত অনুষ্ঠিত হ’বলগীয়া নগৰ সমিতিৰ আগন্তক নিৰ্বাচনৰ সঠিক তাৰিখ সম্পৰ্কে সংবাদমেলত ৰিটাৰ্ণিং বিষয়া দুগৰাকীয়ে কোনো তথ্য অৱগত নকৰে যদিও এক বি‍শ্বস্ত সূত্ৰে জানিব পৰা মতে এই বৰ্ষৰ জুন মাহৰ ভিতৰতে নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি জানিব পৰা যায়৷