
কাৰ্বি আংলংঃ ভাৰতীয় নিৰ্বাচন আয়োগে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত তিনি পাৰ্বত্য জিলা ক্ৰমে পূব কাৰ্বি আংলং জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাক সামৰি তিনি নং ডিফু লোকসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনকেন্দ্ৰীক তৎপৰতাৰ সমান্তৰালকৈ প্ৰশাসনে সমষ্টিটোত শান্তিপূৰ্ণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণ কৰিবলৈ প্ৰশাসনিক কাম কাজসমূহো যুদ্ধংদেহী তৎপৰতাৰে প্ৰায় সম্পুৰ্ণ কৰি তুলিছে৷
বুধবাৰে তৃতীয়বাৰৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰে৷ এই সংবাদমেলত নিৰ্বাচনী বিষয়া তাহিৰ আলম, অতিৰিক্ত সহকাৰী আয়ুক্তদ্বয় বেমথই আহম চানু, ভাস্কৰজ্যোতি কলিতাই সমাগত লোকসভা নিৰ্বাচন পৰিচালনাৰ সম্পৰ্কত লোৱা ব্যৱস্থা সমূহৰ বিষয়ে অৱগত কৰে৷
বোকাজান বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বি কেটগ'ৰীৰ ইভিএম মেছিন, বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত চি কেটগ'ৰীৰ ই ভি এম মেছিন আৰু সৰিয়হজানস্থিত জলসিঞ্চন বিভাগৰ অতিথিশালাত ডি কেটগ'ৰীৰ ই ভি এম মেছিন ৰখাৰ বাবে তিনিটাকৈ ষ্ট্ৰং ৰুম ইতিমধ্য সাজু কৰি তুলিছে৷ সমষ্টিটোৰ মুঠ ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ যাতায়তৰ বাবে ইতিমধ্যে ৫০ খনৰো অধিক গাড়ী অধিগ্ৰহণ কৰাৰ লগতে ১৬ খন গাড়ীত জি পি আৰ এছ ব্যৱস্থা স্থাপন কৰাৰ কথাও উল্লেখ কৰে৷
ইয়াৰ উপৰি নিৰ্বাচন সুচাৰুৰূপে পৰিচালনাৰ বাবে আঠটাকৈ ফ্লাইং স্কোৱাড গঠন কৰা হৈছে৷ আজিৰ এই সংবাদমেলতে ই ভি এম আৰু ভি ভি পি এ টি মেছিনসমূহ ব্যৱহাৰ বাবে ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা অৱগত কৰে৷ জ্যেষ্ঠ নাগৰিক তথা অন্ধ লোকৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলক ভোট কেন্দ্ৰলৈ অনা-নিয়া ব্যৱস্থা কৰাৰ উপৰিও তেওঁলোক ভোটকেন্দ্ৰত বহিবৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত সহকাৰী আয়ুক্ত ভাস্কৰজ্যোতি কলিতাই৷ অতিৰিক্ত সহকাৰী আয়ুক্ত বেমথই আহম চানুৰ নেতৃত্বত ফ্লাইং স্কোৱাডে ১৫,৬৬,৪৬০ টকা জব্দ কৰিছিল যদিও উপযুক্ত নথি-পত্ৰৰ ভিত্তিত ইতিমধ্যে ১৩,৪৬,৪৬০ টকা জব্দকৃত ধন গৰাকীক ঘূৰাই দিয়ে৷
আনহাতে ২,২০,০০০ টকা উপযুক্ত নথি-পত্ৰ দেখুওৱা নোৱাৰাৰ বাবে বৰ্তমানেও জব্দ কৰি ৰখাৰ লগতে যোৱা ৮ এপ্ৰিলৰ নিশা প্ৰায় ৫৮,৮০০ টকা মূল্যৰ ৩০ কাৰ্টুন বিলাতী সুৰাৰ বটল জব্দ কৰি ইতিমধ্যে আৱকাৰী বিভাগক হস্তান্তৰ কৰিছে৷ উল্লেখ্য যে, এই সংবাদমেলতে জিলা নিৰ্বাচনী বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়াই জনসাধাৰণৰ জ্ঞাতাৰ্থে এক আহ্বান জনায় যে নিৰ্বাচনৰ প্ৰাকক্ষণত কোনো ব্যক্তিয়ে যাতে ৫০,০০০ ৰ অধিক ধন লগত লৈ নোফোৰে৷ তেওঁ লগতে এই কথাও উল্লেখ কৰে যে ইতিমধ্যে নিৰ্বাচনী পৰ্যবেক্ষকে বোকাজান বিধানসভা সমষ্টিৰ নিৰ্বাচন পৰিচালনাৰ প্ৰশাসনিক প্ৰস্তুতি সমূহ পৰিদৰ্শন কৰি সন্তুষ্টি লাভ কৰে৷