ডিফুঃ সঘনাই বন্ধ ঘোষনা কৰা দল-সংগঠনৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ হ'ব কাৰ্বি আংলং জিলা প্ৰশাসন৷ আজি সাংবাদিকৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে৷

জিলা উপায়ুক্ত আদিল খান, আৰক্ষী অধীক্ষক ভি. শিৱ প্ৰসাদ গা়ঞ্জালাৰ লগতে শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰা সভাখনত বন্ধ সন্দৰ্ভত সাংবাদিকসকলৰ মতামত গ্ৰহণ কৰা হয়৷

উচ্চতম ন্যায়ালয়ে বন্ধ, হৰতালৰ বিৰুদ্ধে ইতিমধ্যে দি থোৱা নিৰ্দেশনাৰ আঁত ধৰি সৰ্বসন্মত সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা বন্ধ ঘোষণা কৰাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠান, বিপৰ্যস্ত হোৱা জন-জীৱনৰ আৰ্থিক ক্ষয়-ক্ষতি পৰিমাণৰ বাবে সংগঠনসমূহৰ নেতাসকলে জৰিমনা দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্দেশনা জাৰি কৰে৷

অসাংবিধানিকভাৱে গঠন হোৱা দল-সংগঠনে আহ্বান জনাই অহা বন্ধৰ বাবে জিলা খনৰ আৰ্থিক, সামাজিক আৰু শৈক্ষিক উন্নয়ন স্তব্ধ হৈ পৰিছে বুলি আলোচনা কালত ঐক্যমত পোষণ কৰা হয় ৷

আলোচনাৰ অন্তত বন্ধৰ বিৰুদ্ধে সাহসেৰে থিয় হ'বলৈ জিলা আৰক্ষী অধীক্ষকে জনসাধাৰণৰ প্ৰতি আহব্বান জনাইছে৷ নিৰাপত্তাজনিত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীক সষ্টম কৰি ৰখা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিছে৷