খেৰণিঃ আসন্ন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনকেন্দ্ৰীক ধুমুহাই প্ৰায় এমাহজুৰি সমগ্ৰ কাৰ্বি আংলঙৰ পৰিৱেশ গৰম কৰি তুলিছিল যদিও আজিৰে পৰা শান্ত হ’ল পাৰ্বত্য ভূমি কাৰ্বি আংলঙৰ পৰিৱেশ৷ শেষ হ’ল কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে বান্ধি দিয়া সময়সীমা, অন্ত পৰিল পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান৷

নিশ্চিত ৰূপত ৰাজনৈতিক দলসমুহৰ মাজত কঠোৰ ভাষাৰে চলা আক্ৰমণ-প্ৰতিআক্ৰমণৰ যি দৃশ্য সেয়া জিলাখনত ইতিমধ্যে শেষ হোৱা পৰিলক্ষিত হৈছে যদিও হয়তো বাকী ৰৈছে এতিয়া দলসমূহৰ মাজত শেষ নিশাৰ খেল খেলিবলৈ৷ তাৎপৰ্যপূৰ্ণ যে য’তেই যিয়েই যি নহওঁক বা নকৰক কিয়, জিলাখনত কিন্তু কোনো নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে পাৰ হ’ল নিৰ্বাচনী প্ৰচাৰ ধুমুহা৷

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত কিন্তু আজি  জিলাখনৰ ভিন্ন প্ৰান্তত পৰলক্ষিত হ’ল ৰাজনৈতিক দলবোৰে উলিওৱা বিশাল বিশাল মটৰ চাইকেল ৰেলী আৰু ষ্ট্ৰিট কৰ্নাৰ সভা৷ পৰিষদীয় ৬ নং বিথুং ৰেংথেমা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ বিজেপিৰ নেতা কৰ্মী আৰু সমৰ্থকে তৰাডুবীৰ পৰা এক বিশাল মটৰ চাইকেল ৰেলী উলিয়াই বৃহত্তৰ সমষ্টিটোত শেষ ৰণডংকা বজোৱাৰ বিপৰীতে পৰিষদীয় ৫ নং ৰংখাং সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ছিং টেৰনৰ হৈ দলটোৰ নেতা কৰ্মী আৰু সমৰ্থকে উল্লেখিত সমষ্টিটোত বিশাল মটৰ চাইকেল ৰেলী উলিয়াই বিজেপিক শেষ প্ৰত্যাহ্বান জনায় কংগ্ৰেছ  দলটোৱে।

আনহাতে সমান্তৰালকৈ ৮ নং পৰিষদীয় হামৰেণ সমষ্টিত এক শক্তিশালী ৰূপত গৰজি থকা বিজেপিৰ প্ৰাৰ্থী তথা কাৰ্বি পৰিষদৰ কাৰ্য্যবাহী সদস্য মংগলছিং তিমুঙৰ হৈ বৃহত্তৰ হামৰেণ সমষ্টিত বিজেপিৰ নেতা কৰ্মী আৰু সমৰ্থকে বিশাল মটৰ চাইকেল সমদল বাহিৰ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী তিমুঙে স্বয়ং অংশ লয় উক্ত সমদলত৷

আনকি সমদলত নেতা কৰ্মী ও সমৰ্থকে বিভিন্ন প্ৰকাৰৰ দলীয় শ্লোগান, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ ধ্বনিৰে উত্তাল কৰে উল্লেখিত সমষ্টিসমূহত৷ আনহাতে বিজেপি প্ৰাৰ্থী, নেতা কৰ্মী আৰু সমৰ্থকে উল্লেখিত সমষ্টিকেইটাত বিপুল ভোটেৰে অথবা বিপুল ভোটৰ ব্যৱধানেৰে বিজেপিৰ জয়ী হ'ব বুলি দাবী তুলিছে৷

উল্লখ্য যে আজি ডংকামোকামত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ উপস্থিতিত এখন ষ্ট্ৰিট কৰ্ণাৰ সভাও অনুষ্ঠিত হৈ যায়৷ সভাত বিথুং ৰেংথেমা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বাজং তিছ’ক তীব্ৰ আক্ৰমণেৰে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তিছ’ই ক্ষমতা দখলত থকাৰ সময়ত ৰাইজৰ স্বাৰ্থসিদ্ধিৰ পৰিবৰ্তে কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰি ৰাইজক ঠগিলে আৰু প্ৰবঞ্চনা কৰিলে বুলি কয় ৰংহাং আৰু বিজেপি নেতা টাৰজেন লাংথাছাই৷