থিতাতে দুজন নিহত চিকিৎসালয়ত নিহত তিনি বিপৰীতে প্ৰায় ৫০ জন গুৰুত্বৰ ভাৱে আহত
ধৰ্মীয় অনুষ্ঠানৰ পৰা উভতি যোৱাৰ পথতে দুৰ্ঘটনা পতিত 
প্ৰায় ৬০-৭-জন লোকক লৈ গৈ থকা অৱস্থাত এটি পথৰ কেঁকুৰিত বাগৰি পৰিছে শক্তিমান ট্ৰাক
মৃত্যুক ৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা।

ডিফুঃ আজি বিয়লি পশ্ছিম কাৰবি আংলং জিলাত এক ভয়াবহ পথ দূৰ্ঘটনাৰ ফলত ৫ জন লোক নিহত হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হোৱা ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি আজি বিয়লি ৩-৩০মান বজাত জিলাখনৰ জিৰিকেন্দিঙৰ মুখিম পথত সংঘটিত হোৱা দূৰ্ঘটনাত বহুতো মানুহ হতা-হত হৈছে৷ দূৰ্ঘটনা গ্ৰস্থ শক্তিমান ট্ৰাকখনে প্ৰায়  ৬০-৭০ জন মান যাত্ৰীলৈ এটা ধৰ্মীয় অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত পথৰ কেঁকুৰি এটাত ট্ৰাকখন বাগৰি পৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়  বুলি জানিব পৰা গৈছে ৷ 

দূৰ্ঘটনাতো সংঘটিত হোৱাৰ পিছত দুজন যাত্ৰীৰ বাটতে মৃত্যু হোৱাৰ বিপৰীতে তিনিজন চিকিৎসালয়ত মৃত্যু হয় লগতে ৫০ জন যাত্ৰী কম-বেছি পৰিমানে আহত হোৱা বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ শীৰ্ষ আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে অঞ্চলটোৰ অতি শোচনীয় পথটোৰে কেৱল ফ’ৰ-হুইলাৰ গাড়ীহে চলাচল কৰিব পাৰে৷ জানিব পৰা মতে দূৰ্ঘটনাত সংঘটিত কৰা ট্ৰাকখনৰ চালকজন নিচাসক্ত আছিল বাবে দূৰ্ঘটনাটো সংঘটিত হয় বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে .

ছাইদুল ইছলাম, ডিফু