
ডিফুঃ ৰাজ্য চৰকাৰে ৰাজ্যখনত আইন-শৃংখলা আৰু আৰক্ষীৰ ক্ষেত্ৰখনত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে অইন ২০ গৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডঃ জি. ভি শিৱ প্ৰসাদক আৰক্ষীৰ উৎকৃষ্ট সেৱা পদকৰ বাবে নিৰ্বাচিত কৰে৷
উল্লেখ্য যে, উগ্ৰপন্থীৰ বিচৰণস্থলী পাহাৰীয়া জিলা কাৰ্বি আংলঙত চলিত বৰ্ষৰ মাৰ্চ মাহত আৰক্ষী অধীক্ষকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈয়েই জিলা আৰক্ষী বিভাগত ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হয় শিৱ প্ৰসাদ৷
দীৰ্ঘ দিনৰ পৰা জিলা আৰক্ষী বিভাগে ভুগি অহা নিয়মানুৱৰ্তিতা, অনিয়ম আৰু কৰ্তব্য পৰায়ণতাৰ দিশসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আৰক্ষীক সৰ্ব দিশত সষ্টম কৰি তুলিবলৈ দিনে নিশাই কঠোৰ পৰিশ্ৰমত ব্ৰতী হয়৷
জিলাখনৰ চিপাহীৰ পৰা আৰম্ভ কৰি প্ৰতিখন থানাৰ অ' চি, আই চিসকলৰ সৈতে গভীৰ নিশা পৰ্যন্ত আলোচনাত মিলিত হোৱাৰ লগতে আৰক্ষীক কেনেদৰে পূৰ্ণ পৰ্যায়ত সক্ৰিয় কৰি তুলিব পাৰি সেই লৈ ভৱিষ্যত কৰ্মপন্থা স্থিৰ কৰি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে আৰক্ষী বিষয়াগৰাকীয়ে।
থানা আৰু আৰক্ষী পহৰা চকীসমূহত সা- সৰঞ্জাম, মাৰণাস্ত্ৰৰ পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ লগতে দীৰ্ঘ দিনৰ পৰা একে স্থানতে কৰ্তব্য কৰি থকা আৰক্ষীৰ চিপাহী, বিষয়া-কৰ্মচাৰীক বদলিকৰণৰ নিৰ্দেশ প্ৰদান কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে বিষয়াগৰাকী। কৰ্তব্যত গাফিলতি, মদ্যপান আৰু কেতবোৰ আসোঁৱাহ দূৰ কৰিবলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে অনুশাসনমূলক ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে৷
সংৰক্ষিত আৰক্ষী বিষয়া-কৰ্মচাৰীসকলক সামৰি ডিফু চহৰত দৈনিক পহৰাৰ ব্যৱস্থা কৰাৰ লগতে স্বাধীনতা দিৱসৰ পূৰ্বে জিলাখনৰ ৭ টাকৈ গুৰুত্বপূৰ্ণ স্থানত ২৪ ঘণ্টীয়া তালাচীৰ ব্যৱস্থা কৰে৷ ১৯৫২ চনৰ পৰা আজিলৈকে অনুষ্ঠিত কাৰ্বি পৰিষদৰ যিমান নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল সকলোত কম-বেছি পৰিমাণৰ হিংসাত্মক কাৰ্য কলাপ সংঘটিত হৈছে যদিও বৰ্তমান জিলা আৰক্ষী অধীক্ষক গৰাকীৰ কৰ্ম দক্ষতাৰ ফলত বিগত দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচন কোনো বাধা-বিঘিনি নোহোৱাকৈ সুকলমে অনুষ্ঠিত হয়৷
জিলা আৰক্ষী অধীক্ষকগৰাকীৰ মতে জিলাখনক অপশক্তি আৰু অপৰাধজনিত কাৰ্যকলাপৰ পৰা ৰক্ষা কৰিবলৈ হ'লে প্ৰথমতে আৰক্ষীৰ অন্তৰ্নিহিত শক্তিসমূহৰ উদ্গীৰণ ঘটাব লাগিব। তেতিয়া অপশক্তিয়ে জিলাখনত মূৰ দাঙি উঠিবলৈ সাহস নকৰিব বুলিও মন্তব্য কৰে আৰক্ষী বিষয়া প্ৰসাদে৷
জিলাখনৰ সীমান্তৱৰ্তী এলেকাত গাড়ী চুৰি প্ৰতিৰোধ কৰিবলৈ ৭টাকৈ গুৰুত্বপূৰ্ণ স্থানত পহৰা চকী স্থাপন কৰাৰ লগতে ডিফুৰ আৰক্ষী ছাউনীত আৰু জিলাখনৰ আৰক্ষীৰ বাবে বিশুদ্ধ খোৱা পানী, বিজুলী যোগান ধৰাৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনি সমূহৰ বিকাশ সাধন কৰা হ'ব বুলি newsnextone.comৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে৷