
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙ থানা অন্তৰ্গত তথা থানাৰ পৰা মাত্ৰ ১--২কি:মি: দূৰত্বত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কেঁকুৰিত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন শক্তিমান ট্ৰাক। এই শোকাবহ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয়। জৰুৰীকালীন ভাবে চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত চিকিৎসালয়ত মৃত্যু হয় আৰু তিনিজনৰ, বিপৰীতে প্ৰায় ৫০ জন লোক গুৰুতৰ ভাৱে আহত হয় শোকাবহ দুৰ্ঘটনাটিত।
ধৰ্মীয় তথা প্ৰি-খ্ৰীষ্টমাছ অনুষ্ঠানৰ পৰা উভতি যোৱাৰ পথতে দুৰ্ঘটনা পতিত হয় অভিশপ্ত ট্ৰাকখন। প্ৰায় ৬০-৭০ জন লোকক লৈ গৈ থকা অৱস্থাত এটি পথৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ভাগ্যজনকভাৱে বাগৰি পৰে শক্তিমান ট্ৰাকখন। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা। সন্ধিয়াত ৩-৩০ বজাত সঘাটিত হয় ভয়াবহ উক্ত পথ দুৰ্ঘটনাটি। বৰ্তমান চিনাক্ত কৰিব পৰা মৃতকৰ নাম হৈছে, ফেষ্টিঙজুন তেৰাং(৪৫), মেলৰিনা তেৰাংপী(১৩), জেংসুদন চিনথংপি(৩০) জাছলিনা ইংতিপি (১৭), লিদাৰ তেৰাং(৬০)| আহত কেইগৰাকীক খেৰণি আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি বৃহত্তৰ জিৰিকিন্দেঙ অঞ্চলত।
আনহাতে মৃত্যুৰ খবৰক লৈ এই মুহূৰ্তত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে জিৰিকিন্দেঙত।
খেৰণিৰ পৰা কনক দেউৰী