খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত সৰ্ব শিক্ষা অভিযান মিছনৰ এটি জিলা অভিযান বিষয়াৰ কাৰ্যালয় শনিবাৰে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ স্থানীয় বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে জগতছিং ইংতি, ৰূপছিং টেৰণ, প্রদীপ ৰংপি, ৰাজু তিচ্ছই, তাৰেন্দ্ৰ ব্ৰহ্মৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্যালয়টো উদ্বোধন কৰে৷

কাৰ্যালয়টো উদ্ধোধন কৰাৰ পাছতে অনুষ্ঠিত সভাত বিধায়ক ডা০ মানছিং ৰংপিয়ে শিক্ষক-শিক্ষয়ত্ৰীৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ আহ্বান জনায়৷ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নত অথবা গুণগত শিক্ষা বিস্তাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে পাহাৰীয়া জিলাখনত অতি কম সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়েহে বিদ্যালয়সমূত নিয়োগ হৈ আছে, ফলস্বৰূপে জিলাখনত শিক্ষাৰ ক্ষেত্রখনে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। 

তেনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি শীঘ্ৰে পাহাৰীয়া জিলাখনত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা কৰি শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দি শিক্ষা খণ্ডৰ সমস্যা দূৰ কৰা হ’ব আৰু আন্তঃগাঁথনি উন্নত গুৰুত্ব প্ৰদান কৰা হ’ব বুলি কয় ৰংহাঙে। সভাত কেইবাগৰাকীকৈ শাৰীৰিকভাৱে বিকালংগ ছাত্ৰ ছাত্ৰীক চকাযুক্ত চকী আৰু ৱাকাৰ ষ্টিক প্ৰদান কৰা হয়। 

ইয়াৰ পাছতে ডংকামোকামস্থিত পশু চিকিৎসালয়ত নৱ নিৰ্মিত পশু চিকিৎসালয়ৰ কাৰ্যালয়, চিকিৎসক আৱাস, সা-সামগ্ৰী মজুত গৃহৰ শুভ উদ্বোধন কৰাৰ লগতে ডংকামোকাম অচ-কয়দা বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰাম স্বৰাজ অভিযান সভাত থাকে পৰিষদৰ নেতৃত্ব৷

পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা তৰাডুবি-ৰংপি গাওঁ সংযোগী পেভাৰচ ব্লক পথৰ উদ্বোধন, জলসম্পদ বিভাগৰ তৰাডুবিত অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন আৰু তুমপ্ৰেঙত কপিলি নৈৰ পাৰত ৰিং বাণ্ড আৰু চুইটচ গেটৰ উদ্বোধন কৰে। আনহাতে তুমপ্ৰেঙৰ মুগাচঙত অসম চৰকাৰৰ এককালীন বিশেষ গ্ৰাণ্টৰ যোগেদি নেপালী সম্প্ৰদায়ৰ মুক্তিযুদ্ধা তথা বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ এটি আৱক্ষ মূৰ্তিৰ উন্মোচন কৰে বিধায়ক ডা০ ৰংপিয়ে।