newsnextone.com | খেৰণিঃ কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, সমাজ ব্যৱস্থা ৰক্ষা কৰি থৈ যোৱা ছাৰ হাবক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে কাৰ্বি আংলঙৰ এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে৷ পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণি সাপ্তাহিক বজাৰ আৰু বৈঠলাংছ সাপ্তাহিক বজাৰক লৈ দুটা পক্ষৰ মনোমালিন্য অব্যাহত আছে। দুয়োখন সাপ্তাহিক বজাৰ পৰিচালনা কৰাৰ দায়িত্ব ঐতিহ্যমণ্ডিত ছাৰ হাবে আমেই জিলা পৰিষদে নিজৰ হাততে ৰাখিছিল। 

সমিতিৰ কাৰ্যকাল এবছৰ পূৰ্ণ নহওতে বিজেপি নেতা তথা স্বায়ত্ব শাসিত পৰিষদৰ ৭নং সমষ্টিৰ প্ৰতিনিধি পৱন কুমাৰ ৰায় আৰু ৰায়ৰ সোঁৱে-বাৱে থকা বাবুৰাম ৰংফাৰ আৰু নকবে তিচ্ছে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি ছাৰ হাবে আমেই জিলা পৰিষদৰ পৰা বজাৰ পৰিচালনাৰ দায়িত্ব কৰ্তন কৰি নিজৰ মানুহক খেৰণি সাপ্তাহিক বজাৰ পৰিচালনা সমিতিৰ দায়িত্ব প্ৰদান কৰিব বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চাৰিটাকৈ জাতীয় সংগঠনে। 

কাৰ্বি লামমেত আমেইৰ খেৰণি শাখা, কাৰ্বি কালচাৰেল জেংখা মাণ্ডলীক সমিতি, কাৰ্বি ছাত্ৰ সংস্থা দুই গোটৰ হামৰেন জিলা সমিতি আৰু হামৰেন আঞ্চলিক সমিতিয়ে খেৰণিত এখন সংবাদ মেল অনুষ্ঠিত কৰি পৰিষদৰ সাধাৰণ সমস্য পৱন কুমাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি এই কাণ্ডৰ পৰা আতৰি থাকিবলৈ কয়। 

সংবাদ মেলত কাৰ্বি লামেট আমেই কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ৰংহাং, খেৰণি শাখাটোৰ সভাপতি ৰাম ছিং কথাৰ, কাৰ্বি কালচাৰেল ছোচাইটি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছাৰ ছিং ইংলেঙকে ধৰি কাৰ্বি ছাত্ৰ নেতা চেমচন ইংতি, বাবুল টকবি, কাৰ্বি গাঁওবুঢ়াসকল উপস্থিত থাকে। 

সাংবাদমেলত কাৰ্বি পৰম্পৰাগত সমাজ ব্যৱস্থা ৰক্ষা কৰা ছাৰ হাবে, পিনপসকলক এমএচি পৱন কুমাৰে অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে। কাৰ্বি জাতীয় পৰম্পৰাগত সমাজ ব্যৱস্থা ৰক্ষা কৰা বিষয়-ববীয়াসকলক অপমান কৰা কাৰ্যক কোনো কাৰণতে সহ্য নকৰে বুলি উল্লেখ কৰি কয় যে পৱন কুমাৰৰ বিৰুদ্ধে কাৰ্বি সকলো জাতীয় সংগঠনক ওলাই আহিবলৈ আহ্বান জনায়।