
খেৰণিঃ কাৰ্বি ছাত্র সন্থাৰ চেমচন টেৰণ গোটে কাৰ্বি আংলং জিলাৰ খেৰণিত শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কাৰ্বি ছাত্র সন্থাই চেমচন টেৰণ গোটে পথ মেৰামতিৰ দাবীত খেৰণি-জেৰিকীনন্দেং পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷
বছৰ বছৰ ধৰি খেৰণি-জেৰিকীনন্দেং পথ মেৰামতি নকৰাত বিধ্বস্ত হৈ পৰে৷ ৰাইজ তথা কাৰ্বি ছাত্র সন্থাই বাৰে বাৰে পথটো মেৰামতি কৰাৰ দাবী জনাই আহিছে যদিও ৰাজ্য চৰকাৰ, স্থানীয় বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷
ৰাজ্য চৰকাৰ, স্থানীয় বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদে গুৰুত্ব আৰোপ নকৰাত কাৰ্বি ছাত্র সন্থা ক্ষোভিত হৈ শুকুৰবাৰে পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য চৰকাৰ তথা কাৰ্বি পৰিষদৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷
পথ অৱৰোধ কৰাৰ ফলত সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত যান-জোঁটৰ সৃষ্টি হয়৷ প্রায় দুই ঘণ্টা ধৰি পথ অৱৰোধ কৰে সংগঠনটোৱে৷ আনহাতে সপ্তাহটোৰ শুকুৰবাৰে খেৰণিত অনুষ্ঠিত হয় সাপ্তাহিক বজাৰ৷ অৱৰোধ কাৰ্যসূচীৰ বাবে সামগ্ৰী কিনা-বেচাৰ ক্ষেত্ৰত ক্রেতা-বিক্রেতে কিছু সমস্যাত পৰে৷
কাৰ্বি ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ আমাৰ দাবী পুৰণ কৰক, শীঘ্ৰে পথ মেৰামতি কৰক, দুৰ্ভোগ ভুগা ৰাইজক উদ্ধাৰ কৰক আদি শ্ল’গানেৰে ৰাজ পথ উত্তাল কৰে। শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তোলাৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে।
ছাত্ৰ সংগঠনটোৱে খেৰণি গড়কাপ্তানী বিভাগ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি গাফিলতি আৰু অনিহাৰ বাবে ৰাইজে জীয়াতু ভুগি আহিছে বুলি কয় সংগঠনটোৱে৷