
ডিফুঃ সৰু-বৰ পাহাৰৰ নৈসৰ্গিক প্ৰাকৃতিক সমাহাৰেৰে ভৰপুৰ কাৰ্বি পাহৰত এতিয়া সৰ্বত্ৰে উদযাপিত হৈছে জ' নেল কাৰ্বি য়ুথ ফেষ্টিবেল চমূকৈ জে কে ৱাই এফৰ গৌৰৱোজ্জল 'ৰূপতালিন আনিংকান' অৰ্থাৎ ৰূপালী জয়ন্তী৷
কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া সগৌৰৱে উৰিছে জে কে ৱাই এফৰ পতাকা৷ ২৬ ছেপ্তেম্বৰৰ আৰু ৩০ ছেপ্তেম্বৰলৈ ৫ দিনীয়া কাৰ্যসূচীলৈ ইতিমধ্য আৰম্ভ হৈছে জনজাতি কাৰ্বি সকলৰ পৰাম্পৰাগত জে কে ৱাই এফৰ ৰূপতালিন আনিংকানৰ কাৰ্যসূচী৷
এই উদ্দেশ্যে ২১টা ভিন্ন আঞ্চলিকত আৰম্ভ হৈছে ৰূপালী জয়ন্তী৷ সজাই তোলা হৈছে কাৰ্বি পৰাম্পৰাগত আৰ্হিৰ মণ্ডপ সমূহ৷ পিনি, পেকক, ৱামকক পিন্ধি কাৰ্বি যুৱতী সকলে পৰাম্পৰাগত নৃত্যাভাৰে দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে৷ জনজাতীয় পৰাম্পৰাগত সাজ-পোছাক, নৃত্যৰে মুখৰিত হৈ পৰিছে কাৰ্বি পাহাৰৰ চৌদিশ৷
১৯৯২ চনত কাৰ্বি কালচাৰ ছচাইটিৰ কেইজনমান ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত জন্ম লভা কাৰ্বি আঞ্চলিক যুৱ মহোৎসৱটি কাৰ্বি সমাজত মহা আদৰৰ বুলি গণ্য কৰি অহা হৈছে৷ ধৰাৰ বুকুলৈ নামি অহা শৰতৰ শুভ্ৰতা, কহুৱাৰ লাহী দেহাৰ নৃত্যৰ সমান্তৰালকৈ কাৰ্বি আঞ্চলিক যুৱ মহোৎসৱটিয়েও ৰূপালী বৰ্ষ গৰকি কাৰ্বি কলা-কৃষ্টি সংস্কৃতিক বিকাশ আৰু সংবৰ্ধনৰ দিশে অগ্ৰসৰ হৈছে৷
হিন্দু ধৰ্মালম্বী সকলৰ শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ ক্ষণতেই জে কে ৱাই এফৰ ৰূপালী জয়ন্তীয়ে বিভিন্ন জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোক সকলক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধিবলৈ সক্ষম হ’ব বুলি সচেতন মহলে মত ব্যক্ত কৰে৷