
newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। জিলা খনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনবসতিপূৰ্ণ গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে৷ হাতীৰ তাণ্ডৱৰ ফলত সকলো হেৰুৱাই একাংশ লোকে হাহাকাৰ কৰাৰ দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰতিদিনে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, কৃষি পথাৰ বিনষ্ট কৰি সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বনৰীয়া হাতীৰ জাকে৷
বুধবাৰে নিশাও হাতীৰ জাকে ফিচাৰিপাৰ অঞ্চলৰ দিলীপ থাপাৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে তেওঁৰ পত্নী প্ৰভা থাপাক শুঁৰেৰে আক্ৰমণ কৰি আঁহত কৰে। আনহাতে পৰিয়ালটোৰ কণমানি সন্তান দুটি হাতীৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷ উল্লেখ্য যে, অঞ্চলটোত বনৰীয়া হাতীৰ জাকটোৱে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে খেদি পঠোৱাৰ ব্যৱস্থা কৰা নাই৷ হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম নোহোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷
কেইবাদিনো ধৰি বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিৰ বোকাজান বন সংমণ্ডলৰ অধীনৰ মাতিপুল, ঘৰীয়ালডুবি, ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ আদি অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। দিনৰ হদিনটো জংঘলত সোমাই থকা হাতীৰ জাকটোৱে হেলি ডুবাৰ পিছতে গাঁও সমূহত প্ৰৱেশ কৰে৷ খাদ্যৰ সন্ধানত তাণ্ডৱ চলাই অহাত অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে।