30
Mar
2018

ওদালগুৰিঃ অসমৰ কাৰ্গিল বিজয় নামৰ ক্ৰিকেট দল এটিয়ে মুম্বাই অভিমুখে যাত্ৰা কৰিব ৩১ মাৰ্চত। উদ্দেশ্যে এটাই মুম্বাইত অনুষ্ঠিত হ’বলগীয়া চুপাৰ টেনিচ ক্ৰিকেট প্ৰিমিয়াৰ লীগত অংশ কৰাৰ৷ ওদালগুৰিৰ পৰা যাত্ৰা কৰিবলগীয়া দলটোৱে অসমৰ হৈ অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।
মুম্বাইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অহা ৩-৭ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যােৱা দলটোত অসমৰ বিভিন্ন প্ৰান্তৰ উদীয়মান খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ দলৰ লগতে আন্তঃৰাষ্ট্ৰীয় দলে অংশ লব বুলি জানিব পৰা গৈছে। অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া দলটোক কাৰ্গিল বিজয় একাদশ ৰূপে নামাকৰণ কৰা হৈছে। দলটোৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা ৰুবুল শৰ্মা আৰু অভিজিৎ কাশ্যপে দলটোৱে ৩১ মাৰ্চত মুম্বাইলৈ ৰাওনা হ’ব বুলি জানিবলৈ দিয়ে।