ডিজিটেল ডেস্কঃ কোনোকাৰণতে জামিন নাপায় চি এছ কাৰ্ণনে। সৰ্বোচ্চ ন্যায়ালয়ৰ সৈতে সমুখ সমৰত লিপ্ত হোৱা কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰকজনে নিস্তাৰ নাপায় কাৰাগাৰ যাত্ৰাৰ পৰা।

অজ্ঞাতবাসৰ শেষত কলকাতা আৰক্ষীয়ে তামিলনাডুৰ কইম্বাটোৰৰ পৰা গ্ৰেপ্তাৰ কৰা কাৰ্ণনে নাপালে জামিনো। প্ৰণিধানযোগ্য যে ইতিপূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতিক দুৰ্নীতিগ্ৰস্ত বুলি তেওঁ অভিযোগ তুলিছিল। লগতে জাতপাতৰ ভিত্তিত বিচাৰকক বদলি কৰাৰো অভিযোগ কৰিছিল কাৰ্ণানে।

দেশৰ ন্যায়িক ইতিহাসৰ অভাৱনীয় জটিলতাৰ পিছত উচ্চতম ন্যায়ালয়ে ছমাহৰ কাৰাবাসৰ হুকুম দিয়ে কাৰ্ণনক। পিছে আদেশ অমান্য কৰি তেওঁ পলায়ন কৰে। আনকি অজ্ঞাতবাসৰ কালতে কলকাতা উচ্চ ন্যায়ালয়ৰ পদৰ পৰাও তেওঁ অৱসৰ গ্ৰহণ কৰে।

অজ্ঞাতবাসৰ শেযত কিন্তু শেহতীয়াকৈ তেওঁ জালত পৰিল। এতিয়া তেওঁ কলকাতাৰ প্ৰেছিডেন্সী কাৰাগাৰত বন্দী। কাৰ্ণনক জামিন দিবলৈয়ো অস্বীকাৰ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ কাৰাবৰণ দেশৰ ইতিহাসত এয়াই প্ৰথম।