
ডিজিটেল ডেস্কঃ যদি ওজন কমাব বিচাৰে তেন্তে চিবিআইৰ সতে সম্পৰ্ক কৰক৷ এই মন্তব্য প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ৷ বিশ্বৰ সৰহসংখ্যক লোকেই বৰ্তমান ওজন বৃৃদ্ধিৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়৷ ওজন কমাবলৈ মানুহে নানান উপায় অৱলম্বন কৰাও দেখা গৈছে৷
বহু লোকেই ওজন কমাবলৈ গৈ খোৱা-বোৱা কমকৈ কৰে৷ যাৰ ফলত অসুস্থ হৈ পৰা দেখা যায়৷ কিন্তু এইবাৰ ওজন কমোৱাৰ কিটিপ দিছে দুৰ্নীতিত অভিযুক্ত কাৰ্তি চিদাম্বৰমে৷ আইএনএক্স মিডিয়া গোচৰত বিদেশী বিনিয়োগ প্ৰমোচন বৰ্ডৰ নিয়ম উলংঘা কৰাৰ বাবে কাৰ্তি চিদাম্বৰমক জেলত ৰখা হৈছে৷
সোমবাৰে বিশেষ আদালতৰ শুনানীৰ অন্তত কাৰ্তি চিদাম্বৰমক ২৪ মাৰ্চলৈকে দিল্লীৰ তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছে৷ তিহাৰ জেললৈ পঠিওৱাৰ সময়ত কাৰ্তিয়ে জানিবলৈ দিয়ে,‘ মোৰ ভোক একেবাৰেই নাইকিয়া হৈ যোৱাৰ বাবে মই কমকৈ খাওঁ৷ যাৰ ফলত মোৰ ওজন আগতকৈ বহুত কমি গ’ল৷ এইটো মোৰ বাবে ভালহে কথা৷’
কাৰ্তিয়ে ব্যংগাত্মকভাৱে কয়, ওজন ইমানেই কমি গ’ল যে মোৰ বাবে পুৰণি কাপোৰবোৰ ঢিলা হৈ পৰিল৷ এই বাবেই, যদি মানুহে ওজন কমাবলৈ বিচাৰে তেন্তে চিবিআইৰ সতে সম্পৰ্ক কৰাটো প্ৰয়োজন৷ তদুপৰি কাৰ্তিয়ে আৰক্ষীৰ জিম্মাত থকাৰ সময়ত মোবাইল, ঘড়ী ল’বলৈ নিদিয়া বিষয়টোৰ ওপৰত কয়, মোবাইল-ঘড়ী ল’বলৈ নিদিয়াৰ বাবে মই সুখীহে অনুভৱ কৰিছোঁ, কিয়নো মই বিষয়া সকলক বাৰে বাৰে সময়ৰ বিষয়ে সুধি থাকিবলৈ সুবিধা পাইছোঁ৷