
newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শুকুৰবাৰে পশ্চিম বংগত উপস্থিত হৈ তৃণমূলৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাত কৰে। শুকুৰবাৰে দিনৰ প্ৰায় তিনি বজাত পশ্চিম বংগৰ ৰাজধানী তথা সচিবালয় নৱান্নত সাক্ষত কৰাৰ লগতে দীৰ্ঘ সময় বৈঠক অনুষ্ঠিত হয় দুয়ো নেতাৰ মাজত।
Mamata didi has always been concerned about Kashmir. We discussed the current situation of my state. We had a discussion about the present situation in the nation & about the fear that prevails in minorities: Former J&K CM Omar Abdullah after meeting WB CM in Howrah #WestBengal pic.twitter.com/dUAM7qBBjX
— ANI (@ANI) July 27, 2018
কাশ্মীৰত বিজেপি আৰু পিডিপি চৰকাৰ ভংগ হোৱাৰ পিছতে বৰ্তমান ৰাজ্যপালৰ শাসন চলি আছে। আনহাতে নিতৌ সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হৈ আহিছে। কাশ্মীৰৰ সমস্যা কেন্দ্ৰীয় চৰকাৰে সমাধানৰ কোনো ধৰণৰ চেষ্টা নকৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ লগে লগে ২০১৯ চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত বিৰোধী একত্ৰিত হোৱাৰ সন্দৰ্ভত দেশত এক চৰ্চা চলি থকাৰ সময়তে এই সাক্ষাতকাৰে চৰ্চা লাভ কৰিছে।
বিশেষকৈ কাশ্মীৰৰ নেতাই মমতাক লগ ধৰা বিষয়টো বিশেষ চৰ্চা লাভ কৰিছে। দুয়ো নেতাই বৈঠক সমাপ্ত কৰাৰ অন্তত ওমৰ আব্দুল্লাই কয় যে কাশ্মীৰ বিষয়ত দীৰ্ঘ দিনৰ পৰা উদ্বিগ্ন মমতা। আজি আমি আমাৰ অৱস্থা বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছোঁ। আমাৰ বৰ্তমানৰ পৰিস্থিতি আৰু সংখ্যালঘূৰ মাজত যিয়ে ভয়ৰ বাতাৱৰণ সৃষ্টি হৈছে তাৰ বিষয়ে আলোচনা কৰিছোঁ।