তিনিমাহৰ ভিতৰত দলং নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি বিজেপি নেতাৰ 

newsnextone১০অক্টোবৰ,খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটবৰ্তী কাছোমাৰী প্ৰাথমিক বিদ্যালয়লৈ ভূৰত উঠি বিপদসংকুল ভাবে স্কুললৈ কণ কণ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা ভয়ংকৰ ঘটনা "নিউজ নিক্সট ৱানত" বাতৰি প্ৰকাশিত হোৱাৰ এসপ্তাহ পিছত  স্থানীয় পঞ্চায়ত জনপ্ৰতিনিধি বিধায়ক, সংসদকে আদি কাৰো খবৰ লোৱাৰ আহৰি নহলেও ঘটনা‌স্থলীত কালি উপস্থিত হ’ল  অসম ৰাজ্যিক সংখ্যালঘু বিজেপি মৰ্চাৰ সাধাৰণ সম্পাদক তবিবুৰ ৰহমান, দলগাও শিয়ালমাৰী ব্লক বিজেপি সভাপতি ৰহিমুদ্দিন আহমেদ, ৰাজ্যিক সদস্য বিক্ৰম জৈন, সাংগঠনিক সম্পাদক দুলীচান্দ লুনুৱাত, সম্পাদক ফজলুল হক, প্ৰমুখ্যে কুৰিজনৰো অধিক নেতা কৰ্মী ৷

নেতাজনে দলগাঁও, খাৰুপেটীয়াৰ  বিজেপি কৰ্মীৰ সৈতে কাছোমাৰী প্ৰাথমিক বিদ্যালয়লৈ ভূৰত উঠি বিপদসংকুল ভাবে ছাত্ৰ ছাত্ৰী সকলে পাৰ হোৱা নদীৰ স্থানত উপস্থিত হৈ ৰাইজৰ সহযোগত অস্থায়ীভাৱে এখন বাহৰ সাকোঁ নিৰ্মাণ কৰি দিয়াৰ লগতে অহা তিনিমাহৰ ভিতৰত এখন পকী দলং নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ উল্লেখযোগ্য যে নদীৰ বৰ্ধিত পানীৰ ফলত বিদ্যালয়খনৰ প্ৰায় দুশ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ৰাইজেও বিপদসংকুল ভাবে নদী পাৰ হৈ  স্কুললৈ অহা যোৱা কৰিবলগীয়া  হোৱাত যোৱা ২১ ছেপ্তেম্বৰৰ পৰা এসপ্তাহ স্কুলখনৰ পাঠদান বন্ধ হৈ পৰিছিল৷ 

ইয়াৰ পুৰ্বে স্থানীয় পঞ্চায়ত প্ৰতিনিধি বিধায়ক ইলিয়াচ আলী, সাংসদ ৰমেন ডেকা, বিভাগীয় কৰ্তৃপক্ষ আদি কোনো এজনেও কন-কন শিশু সকলৰ জীৱনৰ কথা চিন্তা কৰাৰ সময় নাছিল বুলি ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে. ৷ কালি বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবুৰ ৰহমানৰ পদক্ষেপৰ কথা অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে শলাগ লয় আৰু শন্তুষ্টি প্ৰকাশ কৰে৷ ৰাইজৰ আশা এইবাৰ নিশ্চয় যাতায়তৰ বাবে এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা অতি সোনকালে হব ৷
ফখৰুল ইছলাম,খাৰুপেটীয়া